আৰম্ভ হ’ব ১ অক্টোবৰৰ পৰা বিশেষ মেট্ৰিক পৰীক্ষা 

Share
নিবেদিতা ভৰালী
১৫ চেপ্তেম্বৰঃ এইবাৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট হোৱা শিক্ষাৰ্থীৰ বাবে এক ভাল খবৰ। এই শিক্ষাৰ্থীৰ বাবে ছেবাই পুনৰ অনুষ্ঠিত কৰিছে এক বিশেষ পৰীক্ষা। ছেবাই প্ৰকাশ কৰা পৰীক্ষা সূচী অনুসৰি ১ অক্টোবৰ পৰা ১১ অক্টোবৰ লৈ অনুষ্ঠিত হ’ব। মুঠ ৬ টা বিষয়ত অনুষ্ঠিত হব এই পৰীক্ষা।
উল্লেখযোগ্য যে কভিডৰ বাবেই অনুষ্ঠিত হোৱা নাছিল এইবাৰৰ মেট্ৰিক পৰীক্ষা। আগৰ মূল্যাংকন পদ্ধতিৰে শিক্ষাৰ্থীৰ ফলাফল বিচাৰ কৰা হৈছিল। ফলাফলক লৈ অসন্তুষ্ট হোৱাৰ বাবে ছেবাই পুনৰ বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লয়।

Leave a Reply

Your email address will not be published. Required fields are marked *