স্বাধীনতা সংগ্ৰামী বম চিংফৌক সন্মান জনোৱাৰ দীৰ্ঘদিনীয়া দাবী অৱশেষত পূৰণ হ’ব, মাৰ্ঘেৰিটাৰ ইন্থেমত বম চিংফৌ সোঁৱৰণী লাদৈ ঘাট দলং নিৰ্মাণৰ প্ৰস্তাৱ।এই পদক্ষেপৰ নেতৃত্ব দিছে অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ অৱসৰপ্ৰাপ্ত সচিব ভোগেশ্বৰ শ্যামে, যিয়ে ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগলৈ পত্ৰ লিখিছিল আৰু প্ৰকল্পৰ বাবে ধন বিচাৰিছিল ,শ্যামে তেওঁৰ চিঠিখনত আঙুলিয়াই দিছিল যে ১৮৩০ চনত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে যুঁজ দিয়া চিংফৌ সম্প্ৰদায়ৰ এজন বীৰ যোদ্ধা বম চিংফৌ স্বীকৃতি বৰ্তমান সময়লৈকে পোৱা নাই। তদানীন্তন সাংসদৰ পুঁজিৰ ২.৫ লাখ টকাৰে ১৯৯৫ চনত ইনথেম গাঁৱত নিৰ্মিত বম চিংফো ভৱন এতিয়া ধ্বংসস্তূপত পৰি থকা বুলিও তেওঁ আক্ষেপ প্ৰকাশ কৰে। শ্যামে কয় যে গঠনটো প্ৰায় ধ্বংসস্তূপ হৈ পৰিছে আৰু সংস্কাৰৰ বাবে বাৰে বাৰে কৰা আবেদনৰ পাছতো গুৰুত্বতা নিদিয়াৰ কথা সদৰী কৰে।
লাদৈ ঘাটত বুঢ়িদিহিং নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া স্মৃতিসৌধ দলঙৰ প্ৰস্তাৱ তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে এন চি এছ টিলৈ প্ৰেৰণ কৰা হৈছে। এনচিএছটিৰ সঞ্চালক ড০ পি কল্যাণ ৰেড্ডীয়ে ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে বিশদ প্ৰকল্পৰ প্ৰতিবেদন আৰু ৰোডমেপ বিচৰা বুলি জানিব পৰা গৈছে।শ্যামে আৰু চৰকাৰক বোম চিংফো ভৱন পুনৰুদ্ধাৰ কৰিবলৈ আৰু লিডুৰ ৰ বছা গাওঁত বাস কৰা বম চিংফোৰ বংশধৰসকলক সন্মান জনাবলৈ আহ্বান জনায়।স্থানীয় বাসিন্দা আৰু সম্প্ৰদায়ৰ নেতাসকলে এই পদক্ষেপক আদৰণি জনাইছে, এই প্ৰকল্পই অৱশেষত অসমৰ এজন পাহৰি যোৱা স্বাধীনতা সংগ্ৰামীক যথাযথ স্বীকৃতি প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰিছে।