গুৱাহাটী, ৭অক্টোবৰ: পৌৰ নিগমৰ লগতে চৰকাৰী,বেচৰকাৰী,সংগঠন আৰু সমাজ সচেতন নাগৰিক সকলৰ সহযোগিতাত এক চাফাই অভিযান আৰম্ভ কৰা হয়। দুৰ্গা পুজাৰ প্ৰতিমা বিসৰ্জনৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰিষ্কাৰ পৰিচন্নতাৰ বাবে এই চাফাই অভিজান অনুস্থিত কৰা হয়।মহানগৰৰ পৰিষ্কাৰ পৰিচন্নতাৰ প্ৰতি লক্ষ্য ৰাখি এই অভিজানত গুৱাহাটীৰ পৌৰ নিগমৰ উপ পৌৰপতি শ্ৰী মতী স্মিতা ৰয়,কামৰূপ [মেট্ৰ’] জিলা প্ৰশাসনৰ উপায়ুক্ত শ্ৰী পল্লৱ গোপাল ঝা,গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত শ্ৰী মেঘনিধী দাহাল ,যুটীয়া আয়ুক্ত, ৱাৰ্ড পৰিষদসকলৰ লগতে কেইৱাটাও বেচৰকাৰী সংগঠনে চাফাই অভিজান সম্পন্ন কৰে ।