শীঘ্ৰেই ৰাজ্যত ২ ৰ পৰা ৩ হাজাৰ বিদ্যালয় হ’ব একত্ৰীকৰণ 

Share

তৃষ্ণা দাস ,২৩ ছেপ্টেম্বৰ:  ৰাষ্ট্ৰীয় শিক্ষা নীতি সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে শীঘ্ৰে ৰাজ্যত বিদ্যালয় একত্ৰীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি সদৰী কৰে শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুয়ে। ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাপ্ৰাপক শিক্ষকসকলে সম্বৰ্ধনা অনুষ্ঠান শিক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে বিদ্যালয় একত্ৰীকৰণৰ বাবে প্ৰস্তাৱ জিলা পৰ্যায়ৰ পৰা গ্ৰহণ কৰা হৈছে। এই প্ৰস্তাৱসমূহ পৰীক্ষাৰ পাছত বিদ্যালয়সমূহ একত্ৰীকৰণ নিৰ্দেশনা প্ৰদান কৰা হ’ব।
সাংবাদিকে কিমান বিদ্যালয়ৰ বিলুপ্তিকৰণ হ’ব ‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌বুলি সোধা প্ৰশ্নৰ উত্তৰত ড° ৰণোজ পেগুয়ে কয় যে- ” মুখ্যমন্ত্ৰীক অধ্যক্ষ হিচাপে লৈ উচ্চ পদস্থ বিষয়া শিক্ষাবিদসকলক লৈ এখন আয়োগ গঠন কৰা হৈছে। ইতিমধ্যে বিদ্যালয় একত্ৰীকৰণৰ প্ৰস্তাৱসমূহ আহি আছে। এটা সপ্তাহৰ ভিতৰত এই প্ৰস্তাৱৰ প্ৰক্ৰিয়া শেষ হ’ব। আয়োগে বিভিন্ন দিশ বিবেচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিব। এই প্ৰক্ৰিয়াৰ ফলত ৰাজ্যত ২ ৰ পৰা ৩ হাজাৰ খন বিদ্যালয় কমি যাব।
 শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে ৰাজ্যৰ হাইস্কুল সমূহক শীঘ্ৰে উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰা হ’ব। তদুপৰি বিজ্ঞান আৰু গণিত বিষয়ৰ শিক্ষকসকলৰ প্ৰশিক্ষণ প্ৰদান কৰিব। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কেন্দ্ৰীয় ৰাজ্যিক শিক্ষামন্ত্ৰী ড° ৰাজকুমাৰ ৰঞ্জন সিং।

Leave a Reply

Your email address will not be published. Required fields are marked *