কেতিয়াবা মোৰ টোপনি নাহে, ইমান অপমান কৰে মোকঃ অখিল গগৈ

Share

ডিজিটেল ডেস্ক, ১৪ ছেপ্টেম্বৰঃ  চলি আছে অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন। প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হোৱা সদনৰ কাৰ্যসূচীৰ তৃতীয় দিনা অৰ্থাৎ বুধবাৰেও উত্তাল হোৱা পৰিলক্ষিত হ’ল বিধানসভাৰ মজিয়া। বিধানসভা অধিৱেশনত প্ৰায়েই চৰ্চাত থকা দেখিবলৈ পোৱা যায় বিধায়ক অখিল গগৈক। নিত্য নতুন পৰিকল্পনাৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চৰকাৰক সমালোচনা কৰাৰ আখৰাথলী হিচাপে ব্যৱহাৰ কৰি আহিছে বিধানসভাৰ চৌহদক। এইবাৰো ব্যতিক্ৰম নহয় বিধায়ক গগৈ, তেওঁ এইবাৰ হাতত বিচনী আৰু লেম্প লৈ উপস্থিত হ’ল বিধানসভাৰ চৌহদত। ইয়াকে লৈ চৰকাৰ পক্ষৰ বিভিন্ন বিধায়কে তেওঁক কঠোৰ সমালোচনা কৰে, একে সুৰে সুৰ মিলাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো কটাক্ষ কৰিলে অখিল গগৈক।

শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনা বিধায়ক অখিল গগৈক পিংপং বল বুলিও কটাক্ষ কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এনে তৰল আক্ৰমণাত্মক মন্তব্যৰ পাছতে সাংবাদিকৰ আগত হোৱা বাৰ্তালাপত এক আৱেগিক মন্তব্য প্ৰকাশ কৰিলে বিধায়ক অখিল গগৈয়ে। কেৱল মন্তব্যই নহয় সংবাদমেলযোগে ৰাইজক নিজৰ মনৰ বেথাও ক’লে বিধায়ক গগৈয়ে। ‘কেতিয়াবা মোৰ টোপনি নাহে, শাসকীয় পক্ষই ইমান অপমান কৰে মোক। বহুত বেয়া দিন, হতাশাৰ মাজত জীৱন কটাইছো। যেনে-তেনে জীয়াই আছো’।‘বিভিন্ন প্ৰতিবাদ, ধৰ্ণাৰ মাজেৰে আহি এই বিধানসভাৰ চৌহদ পাইছো। ‘বিজেপিৰ দিনত আমাৰ ৰাজ্যখন ক’লৈকে গৈছে ভাবি চাওক ৰাইজ। আমাৰ ৰাজ্যৰ গড় উপাৰ্জন একেবাৰে শোচনীয়। যি ৰাজ্যত মুখ্যমন্ত্ৰীয়ে ব্যক্তিগত বিদ্যালয় খোলে, তেনে ৰাজ্যত চৰকাৰী স্কুল কিদৰে ভাল হ’ব?’

লগতে বিধায়ক অখিল গগৈয়ে বৰ্তমানে বিতৰ্কৰ সৃষ্টি হোৱা ভূমি কেলেংকাৰীক লৈ সৰৱ হৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনায়। কাজিৰঙাত তেওঁ সৃষ্টি কৰা এছিয়াৰ ভিতৰত বৃহত্তম অৰ্কিড পাৰ্কৰ দৰে বিশ্বমানৰ পাৰ্ক বনাই তেওঁৰ বিপক্ষে শাসকীয় পক্ষই কৰা সকলো অভিযোগক সত্য প্ৰমাণিত কৰাৰ বাবে আহ্বান জনালে।  

Leave a Reply

Your email address will not be published. Required fields are marked *