১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া

Share
ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ল’বলৈ আগবাঢ়িছে অষ্ট্ৰেলিয়া চৰকাৰ। ১৬ বছৰৰ তলৰ শিশুৰ বাবে নিষিদ্ধ হ’ব ছ’চিয়েল মিডিয়া। ছ’চিয়েল মিডিয়াত এই নিৰ্দিষ্ট বয়সৰ শিশুৰ ক্ষেত্ৰত শীঘ্ৰে প্ৰণয়ন কৰা হ’ব আইন।
 
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিছে ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া নিষিদ্ধ কৰাৰ বাবে আইন প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰিছে। তেওঁ কয় যে অভিভাৱকৰ পৰা অহা অভিযোগৰ ভিত্তিত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে তেওঁলোকে বয়স পৰীক্ষণ ব্যৱস্থা ৰূপায়ণৰ চেষ্টা কৰিছে। অহা বছৰৰ শেষৰ ফালে এই আইন কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে।
 
ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰে শিশু-কিশোৰসকলক যথেষ্ট অনিষ্ট সাধন কৰিছে। ইয়াৰ অত্যাধিক ব্যৱহাৰে শিশুৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ ওপৰত কুপ্ৰভাৱ পেলায়৷ ছ’চিয়েল মিডিয়াত অশ্লীল দৃশ্য আৰু ছবি ভাইৰেল হোৱাত অষ্ট্ৰেলিয়া চৰকাৰে উদ্বেগ প্ৰকাশ কৰিছে। এই প্ৰসংগত আলবানিজে সংবাদমেলত কয় যে এইবোৰ ৰোধ কৰাৰ বাবে এই বছৰ অষ্ট্ৰেলিয়াৰ সংসদত এখন আইন প্ৰৱৰ্তন কৰা হ’ব। 

Leave a Reply

Your email address will not be published. Required fields are marked *