বনিতা বড়ো,১৫ চেপ্তেম্বৰঃ আজি পুনৰ ৰাতিপুৱা নিমাতীঘাটত উপস্থিত হৈ হিমন্ত বিশ্ৱ শৰ্মাৰ এক বিশেষ ঘোষণা। অতি শীঘ্ৰেই যোৰহাট-মাজুলীৰ মাজত চলিব ৬ খনকৈ জাহাজ ।তাৰোপৰি, মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “এনে আকস্মিক দুৰ্ঘটনাৰ বাবে আমি সাজু নাছিলো।অতি শীঘ্ৰেই মাজুলীৰ মাজত চলিব ৬খনকৈ জাহাজ।এতিয়া চলি আছে ২ খনকৈ ৰোপেক্স আৰু ১ খন জাহাজ। এম এছ ৰাজলক্ষ্মী,এম এছ ডিগাৰু কাইলৈ যোৰহাট পাব।১৭ ছেপ্তেম্বৰলৈ আৰু এখন জাহাজ যোৰহাট পাব।৮খন নাওঁৰ বাবে মেৰাইন ইণ্ডিয়া দিয়া হব।ইয়াৰ বাবে সময় লাগিব প্ৰায় ৬০ দিন।তাৰোপৰি মেৰাইন ইণ্ডিয়া থকা দুখন নাওঁ আজিৰ পৰা চলিব।’’
এইক্ষেত্ৰত,মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় জাহাজ মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ২ খন ৰোপেক্স, ২টা জেট্টী মাজুলীত দিবলৈ অনুৰোধ জনায়।আনহাতে, জনসাধাৰণৰ সুবিধাৰ্থে মোবাইল এপৰো ব্যবস্হা কৰিব চৰকাৰে।জানিব পৰা মতে,মুখ্যমন্ত্ৰীগৰাকীয়ে নিমাতীঘাটৰ ঘটনাৰ লগত জড়িত থকা ১২ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে জামিন পাব নোৱাৰাকৈ ছাৰ্জশ্ৱীট দিম বুলিও মন্তব্য কৰে।