অসম চৰকাৰ আৰু ব্ৰাইত ষ্টাৰ ইনভেষ্টমেন্টছ প্ৰাইভেট লিমেটেডৰ মাজত চুক্তিস্বাক্ষৰ

Share

ৰাজ্যত চিকিৎসা শিক্ষাৰ উত্তৰণৰ দিশত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে শুকুৰবাৰে ৰাজ্য চৰকাৰ আৰু ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ মাজত এখন বুজাবুজি চুক্তিপত্ৰ স্বাক্ষৰিত হয় । এই চুক্তিখন প্ৰস্তাৱিত গুৱাহাটীৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লক, ইউ জি আৰু ইণ্টাৰ্ন হোষ্টেলৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰতিষ্ঠানটোৱে সহযোগিতাৰ হাত আগবঢ়াব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দৃঢ় বিশ্বাসী বুলি মন্তব্য আগবঢ়ালে ।

             জানিবলৈ পোৱা গৈছে যে ৰাজ্যচৰকাৰে ব্যক্তিগত আৰু ৰাজহুৱা অংশীদাৰিত্বৰে কাম কৰাত গুৰুত্ব প্ৰদান কৰিছে যাতে ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ কৰ্প’ৰেট সামাজিক দায়বদ্ধতা পুঁজিৰে উন্নয়নৰ প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে। বৰ্তমান বিভিন্ন ৰোগৰ সৈতে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডত গৱেষণামূলক কামত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে । আজিৰ এই চুক্তিত একাডেমিক ব্লকৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১৫০ কোটি টকা চি এছ আৰ পুঁজি আগবঢ়োৱা প্ৰাইভেট প্ৰতিষ্ঠানটোলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰে । শুক্ৰবাৰে অনুষ্ঠিত এই অনুষ্ঠানত অসম চৰকাৰৰ স্বাস্ব্যমন্ত্ৰী  শ্ৰীকেশৱ মহন্ত, ব্ৰাইট ষ্টাৰ ইনভেষ্টমেণ্টছ প্ৰাইভেট লিমিটেডৰ প্ৰমোটাৰ আৰু প্ৰতিষ্ঠাপক শ্ৰীৰাধাকৃষ্ণন দামানি, দামানি ফাউণ্ডেশ্যনৰ মুখ্য চি এছ আৰ বিষয়া শ্ৰীমধু চন্দক, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মাননীয় প্ৰধান সচিব শ্ৰীঅবিনাশ যোশী, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ মাননীয় আয়ুক্ত সচিব শ্ৰীসিদ্ধাৰ্থ সিঙো উপস্থিত থাকে। ।

Leave a Reply

Your email address will not be published. Required fields are marked *