শিৱসেনা(ইউবিটি)ৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

Share

শিৱসেনাৰ (ইউবিটি) নেতা সঞ্জয় ৰাউতে আজি মহাৰাষ্ট্ৰৰ লোকসভা নিৰ্বাচনত দলটোৱে প্ৰাৰ্থিত্ব প্ৰদান কৰিবলগীয়া ১৭ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰে। প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ বালাচাহেব ঠাকৰেৰ নেতৃত্বত গঢ় লৈ উঠা দলটোৱে মুম্বাই দক্ষিণ সমষ্টিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰবিন্দ সাৱন্ত আৰু বৰ্তমানৰ সাংসদ গজানন কীৰ্তিকাৰৰ পুত্ৰ অমল কীৰ্তিকাৰক মুম্বাই উত্তৰ-পশ্চিমৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছে।ইপিনে শিৱসেনাৰ (ইউবিটি)ৰ জেষ্ঠ নেতা অনিল দেশাই মুম্বাই দক্ষিণ-মধ্য সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াব। ১৯ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব মহাৰাষ্ট্ৰৰ লোকসভা নিৰ্বাচন।মহাৰাষ্ট্ৰত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হ’ব ভোটদান প্ৰক্ৰিয়া। ৰাজ্যখনত ৪৮ খন লোকসভা আসন আছে, যি উত্তৰ প্ৰদেশৰ পিছত দ্বিতীয় সৰ্বাধিক।

Leave a Reply

Your email address will not be published. Required fields are marked *