যুক্তা ৰাণী দাস
গুৱাহাটী,৯ ছেপ্টেম্বৰঃ ভাৰতীয় ক্ৰিকেটাৰ শিখৰ ধাৱানে ৯ বছৰৰ পিছত বিবাহ বিচ্ছেদ কৰে নিজৰ পত্নী আয়েশা মুখাৰ্জীৰ সৈতে। ২০১২ চনত বিবাহ পাশত আৱদ্ধ হৈছিল শিখৰ আৰু আায়েশা।দুয়োৰে জোৰাবৰ নামৰ এক ৭ বছৰীয়া এক সন্তানো আছে।জানিবলৈ পোৱাৰ মতে জানুৱাৰী মাহৰ পৰাই তেওঁলোকৰ সম্পৰ্কত সমস্যাৰ আৰম্ভ হৈছিল।আয়েশা মুখাৰ্জীয়ে নিজৰ Instagram post ৰ জৰিয়তে এই বিবাহ বিচ্ছদৰ কথা জানিবলৈ দিয়ে।শিখৰ ধাৱানে ভাৰতৰ হৈ টি-২০ বিশ্ৱকাপৰ বাবে
প্ৰস্তুতি চলাই থকাৰ সময়তে আহি পৰে এই বাতৰি।