ডিজিটেল ডেস্কঃ তৃণমুল কংগ্ৰেছ অসম প্ৰদেশৰ পৰা পদত্যাগ কৰিলে শিখা শৰ্মাই। ফেচবুক পোষ্টৰ জৰিয়তে ৰাজহুৱাকৈ পদত্যাগৰ কথা ঘোষণা কৰিছে শিখা শৰ্মাই। লগতে ১৫ দিনৰ ভিতৰত পদত্যাগ কৰাৰ কাৰণ ৰাজহুৱা কৰিব বুলি উল্লেখ কৰে তৃণমুল কংগ্ৰেছৰ নেতৃগৰাকীয়ে।
উল্লেখ্য যে, কিছুদিন পূৰ্বে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰিপুন বৰাৰ নেতৃত্বত তৃণমুল কংগ্ৰেছত যোগদান কৰি অসম তৃণমুল কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিল শিখা শৰ্মাই। হঠাতে শিখা শৰ্মাই অসম তৃণমুল কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ সিদ্ধান্তই ৰাজ্য জুৰি ব্যাপক চৰ্চা লাভ কৰিছে।।