২৪ ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এবছৰ বাকী।নিৰ্বাচনলৈ এবছৰ বাকী থকা অৱস্থাত কোনে কিমান আসন পাব তাক লৈ বিভিন্ন ৰাজনৈতিক দল সমুহত চলি আছে প্ৰতিযোগিতা।এই প্ৰতিযোগিতা কেৱল অনুমানৰ ভিত্তিত।
প্ৰথমে বিজেপিয়ে ১২-১৩ খন আসনৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ পাছত এইবাৰ আসনৰ সংখ্যা দিছে APCC ৰ সভাপতি ভূপেন বৰাই।এইবাৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছে লাভ কৰিব ১৪ খন আসন,এইবুলি মন্তব্য কৰে ভূপেন বৰাই।
কংগ্ৰেছ সভাপতিগৰাকীৰ এনে মন্তব্যক শাসক পক্ষই সমালোচনা কৰাৰ লগতে সমালোচনা কৰিছে কংগ্ৰেছৰ পৰা নিলম্বিত বিধায়ক শ্বেৰমান আলীয়ে।শ্বেৰমান আলীয়ে কয় যে অসমৰ ৰাইজে ভূপেন বৰাক হাঁহি আছে।ভূপেন বৰাই বহুৱালি কৰি নিজৰ মৰ্যদা হানি কৰিছে। নিজৰ জ্ঞান নাই বাবেই ভূপেন বৰাই ১৪ খন আসন জিকাৰ কথা কয়।আজিৰ তাৰিখত কংগ্ৰেছৰ কোনো ভিত্তি নাই বুলিও মন্তব্য কৰে।তাৰ লগতে শ্বেৰমান আলীয়ে কয় যে বিজেপিক প্ৰতিৰোধ কৰাৰ স্বাৰ্থত কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা হ’ব লাগিব।