অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্য়ুৰ লগত জড়িত শ্যামকানু সিদ্ধাৰ্থৰ পাছতেই আজি আদালতত হাজিৰ কৰে দুই অভিযুক্ত শেখৰজ্য়োতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক। আদালতলৈ নিয়াৰ পূৰ্বে দুয়োৰে সম্পন্ন কৰা হয় স্বাস্থ্য়পৰীক্ষা । পুবা ৯ বজাত চিজেএম আদালতত হাজিৰ কৰোৱা হয় । ১৪ দিনৰ চি. আই. ডি জিম্মাৰ অন্তত আজি দুয়োকে হাজিৰ কৰা হল আদালতত । পুৱাৰ ভাগৰ পৰা কটকটীয়া নিৰাপত্তা ব্য়ৱস্থা গঢ়ি তোলা হয় আদালতত । আদালতে দুৃই অভিযুক্তক ন্য়ায়িক জিম্মালৈ প্ৰেৰণ কৰে ।
বুধবাৰে বাক্সা কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুুখত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ বাবে অধিক তৎপৰ হয় অসম আৰক্ষী । বৰ্তমান সময়ত শেখৰজ্য়োতি আৰু অমৃতপ্ৰভামহন্তক কোনখন কাৰাগাৰত পঠিওৱা হব আৰক্ষীয়ে স্পষ্ট কৰা নাই । আৰক্ষী আৰু প্ৰতিবাদকাৰী সংঘৰ্ষত দুজনকৈ লোক গুলিবিদ্ধ হোৱাৰ লগতে শিলাৰ্ষণত আঘাতপ্ৰাপ্ত হৈছে সাংবাদিক আৰু সাধাৰণ জনতা।