ন্যায়িক আয়োগত উপস্থিত বহুকেইজন লোক

Share

 প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত কৰিবলৈ এছ.আই.টি গঠন কৰা হৈছিল যদিও ৪৬ দিনৰ পিছতো ন্যায় পোৱা নাই জুবিন গাৰ্গে।৬ নৱেম্বৰ,চতুৰ্থ দিনাও গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ ন্যায়িক আয়োগত সাক্ষ্য দান কৰিবলৈ কোনো এজন ব্যক্তি উপস্থিত নহ’ল।প্ৰথম দিনা সাক্ষ্য দিবলৈ কোনো উপস্থিত নাছিল যদিও যোৱা মঙ্গলবাৰে উপস্থিত হয় কেইবাজনো লোক।চৰকাৰী বন্ধৰ বাবে ন্যায়িক কাৰ্য্যালয় বন্ধ হোৱা হেতুকে তৃতীয় দিনাৰ সাক্ষ্য স্থগিত ৰখা হৈছিল।গুৱাহাটীৰ চানমাৰিৰ খাদী আৰু গ্রামোদ্যোগ বিভাগৰ চৌহদত সাক্ষ্য দান কৰিবলৈ উপস্থিত হয় ৰাজনৈতিক নেতা দুলু আহমেদ, ব্যৱসায়ী তথা ছবি নিৰ্মাতা লুইত কুমাৰ বৰ্মন আৰু অধিবক্তা শ্বাহিদ চান হক।

সংবাদ মাধ্যমৰ আগত লুইত কুমাৰ বৰ্মনে কয়- “চিকিৎসকে বাৰে বাৰে কৈ আছে তেওঁৰ বিশ্ৰামৰ প্ৰয়োজন।তাৰ পিছতো তেওঁক ছিংগাপুৰলৈ লৈ যোৱা হ’ল।এইখিনি কথাই শপতনামা আকাৰে দাখিল কৰিলোঁ। এছ আই টিয়ে কেৱল চাহ খোৱা আৰু পুৰি খোৱা মানুহৰ সাক্ষ্য লৈ আছে।যদি মোৰ সাক্ষ্য ল’বলৈ এছ আই টিয়ে মাতে তেতিয়া হ’লে যাম ৷ সঞ্জীৱ নাৰায়ণক কিয় এবাৰহে এছ আই টিয়ে মাতিলে ৷ সঞ্জীৱ নাৰায়ণক এছ আই টিয়ে আকৌ মাতিব লাগে।” আনহাতে ৰাজনৈতিক নেতা দুলু আহমেদে কয় – “মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে যদি হত্যা হৈছে তেন্তে হত্যাকাৰীও আছে। ছিংগাপুৰত লাভ কৰা তথ্য-প্ৰমাণ দিবলৈ মই ন্যায়িক আয়োগৰ কাষ চাপিছোঁ। ছিংগাপুৰ আৰক্ষীয়ে লাভ কৰা তথ্য-প্ৰমাণ ল’বলৈ ন্যায়িক আয়োগক অনুৰোধ জনাম ।”

৪ নৱেম্বৰৰ চলা এই সাক্ষ্য অহা  ২১ নৱেম্বৰলৈ অব্যাহত থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *