পঞ্জাৱৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ পুনৰ অনা হৈছে খালিস্তানী নেতা অমৃতপাল সিঙৰ খুড়াক হৰজিৎ সিঙ সহ ব্যক্তিগত গাড়ীচালকক। গুৱাহাটীৰ পৰা স্থলপথেৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ কঠোৰ নিৰাপত্তাৰ আৱেস্তনীৰ মাজত অনা হয় হৰজিৎ সিঙক।
পঞ্জাৱ আৰক্ষীৰ আগত আত্মসমৰ্পণ কৰাৰ পাছতে হৰজিৎ সিঙক ডিব্ৰুগড় কাৰাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে পঞ্জাৱ আৰক্ষীয়ে। বিশেষ বিমানযোগে ডিব্ৰুগড় অভিমুখে অনা হৈছিল হৰজিৎক। কিন্তু প্ৰতিকুল বতৰৰ বাবে উক্ত বিমানখন গুৱাহাটীত অৱতৰণ কৰিব লগা হৈছিল।
জানিব পৰা মতে, খালিস্তানী নেতা অমৃতপাল সিঙৰ আন কেইবাগৰাকী সহযোগীকো ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ অনা হৈছে।