সাপ্তাহিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ

Share

মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেওবাৰে দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। এই সাপ্তাহিক বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই।

এই সাপ্তাহিক কেবিনেট বৈঠকত লোৱা হৈছিল ৪ টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। National Health Mission চমুকৈ NHM ৰ স্বাস্থ্য কৰ্মীৰ সামাজিক সুৰক্ষা, উত্তৰ লক্ষিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ধাৰাবাহিকতা নিশ্চিতকৰণ, মিনি ITI ৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সংশোধিত দৰমহা আৰু মিছন বসুন্ধৰাৰ অধীনত ভূমি আবণ্টন।

NHM ত কৰ্মৰত কৰ্মচাৰীৰ মৃত্যু হ’লে নিকট আত্মীয়ৰ বাবে অনুকম্পামূলক ধনৰাশিৰ পৰিমাণ ৫ পৰা ৭.৫ লাখ টকালৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে কেবিনেটে। এই ধনৰাশি NHM ৰ অধীনত ৰাজ্যিক সমৰ্থন বাজেটৰ পৰা সংগ্ৰহ কৰা হ’ব।

উত্তৰ লক্ষিমপুৰ বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ধাৰাবাহিকতা নিশ্চিতকৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কেবিনেটৰ। উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় আইন, ২০২৩-ৰ ৫৮ নম্বৰ ধাৰা সংশোধন কৰিবলৈ এক অধ্যাদেশ জাৰি কৰাত কেবিনেটে অনুমোদন জনাইছে। এই সংশোধনীয়ে প্রথমে পঞ্জীয়কক তিনি বছৰলৈ বা নিয়মীয়া পঞ্জীয়ক নিযুক্তি নিদিয়ালৈকে কার্যভাৰ গ্ৰহণ কৰি থাকিবলৈ অনুমতি প্রদান কৰিব। ইয়াৰ উদ্দেশ্য হৈছে বিশ্ববিদ্যালয়ৰ কাৰ্যক্ৰমণিকাসমূহ নিৰৱচ্ছিন্নভাৱে চলি থকাতো সুনিশ্চিত কৰা।

মিনি ITI ৰ ঠিকাভিত্তিক কৰ্মচাৰীৰ বাবে সংশোধিত দৰমহাৰ বাবে কেবিনেটে অনুমোদন জনাই, য’ত দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰৰ ৫ খন মিনি আইটিআইৰ কৰ্মচাৰীৰ দৰমহাৰ ৩৫% বৃদ্ধি কৰিব। ১ জানুৱাৰী ২০২৬ ৰ পৰা এই ৫ খন মিনি ITI ৰ কৰ্মচাৰীক ৩% বাৰ্ষিক বৃদ্ধিৰ লগতে মূল পাৰিশ্ৰমিক সংশোধন কৰি স্থিৰ দৰমহা গাঁঠনি উন্নীতকৰণৰ বাবে কেবিনেটে অনুমোদন জনাইছে।

মিছন বসুন্ধৰা ২.০ৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত ৬৬০টা খিলঞ্জীয়া, ভূমিহীন পৰিয়ালক চৰকাৰী ভূমি নিষ্পত্তিৰ বাবে কেবিনেটে অনুমোদন জনাইছে। শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত মিছন বসুন্ধৰা নিবিৰচ্ছিন্ন সেৱাৰ অধীনত ৭১২ টা খিলঞ্জীয়া পৰিয়ালক চৰকাৰী খাঁচ আৰু চিলিং উদ্বৃত্ত ভূমিৰ নিষ্পত্তিৰ বাবে কেবিনেটে অনুমোদন জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *