আজি পুৱা নতুন দিল্লীত উপস্থিত হয় কেইবামাহো কাটাৰত বন্দী হৈ থকা ভাৰতীয় নৌসেনাৰ সাতজন প্ৰাক্তন জোৱান।কাটাৰৰ চোৰাংচোৱাগিৰিৰ অভিযোগত ভাৰতীয় নৌসেনাৰ আঠজন প্ৰাক্তন জোৱানক কাটাৰৰ আদালতে মৃত্যুদণ্ড প্ৰদান কৰিছিল।সেই আঠজনৰ ভিতৰত সাতজন আজি উপস্থিত হয় দেশৰ ৰাজধানী নতুন দিল্লী বিমানবন্দৰত।নতুন দিল্লীৰ বিমানবন্দৰত উপস্থিত হৈ তেওঁলোকে ‘ভাৰত মাতা কি জয়’ ধ্বনি উত্থাপন কৰে।ইয়াৰোপৰি তেওঁলোকে প্ৰশংসা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ।ভাৰতৰ এম ই এৰ হস্তক্ষেপৰ পিছত তেওঁলোকৰ মৃত্যুদণ্ডক পৰৱৰ্তী সময়ত বৰ্ধিত কাৰাদণ্ডলৈ হ্ৰাস কৰা হৈছিল।যাৰ ফলত ভাৰতীয় নৌসেনাৰ সাতজন প্ৰাক্তন জোৱানৰ জীৱন ৰক্ষা পৰে মৃত্যুদণ্ডৰ পৰা।উল্লেখযোগ্য যে,ডুবাইত অনুস্থিত হোৱা চি অ’ পি ২৮ শীৰ্ষ সন্মিলনৰ আঁৰত কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে সাক্ষা९ কৰি দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু কাটাৰত বসবাস কৰা”ভাৰতীয় সম্প্ৰদায়ৰ মংগল” সম্পৰ্কে আলোচনা কৰে।তাৰ পিছত কাটাৰৰ আমিৰ আৰু প্ৰধানমন্ত্ৰী মোডীয়ে এই বিষয়টোৰ ওপৰত আলোচনা কৰে আৰু কাটাৰ চৰকাৰৰ উচ্চতম পৰ্যায়ে তেওঁলোকৰ গোচৰতো গ্ৰহণ কৰে আৰু প্ৰাক্তন জোৱানসকলৰ মুক্তি নিশ্চিত কৰে।চোৰাংচোৱাগিৰিৰ অভিযোগত অভিযুক্ত নৌসেনাৰ জোৱানসকলৰ মুক্তি ভাৰতৰ বাবে এক বৃহ९ কূটনৈতিক জয়ৰ সুচনা হৈছে।