ৰুচ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ অসুস্থতাক লৈ পুনৰ সংবাদ মাধ্যমত ব্যাপকভাৱে চৰ্চা চলিছে। যোৱা মাৰ্চ মাহত পাচঁখন চোৰাংচোৱা সংস্থাৰ গোট ‘ফাইভ আইজ’ৰ তৰফৰ পৰা দাবী কৰা হৈছিল ৰুচ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত। তাৰ পাছতেই বিভিন্ন মহলত সৃষ্টি হয় কৌতূহল ।
দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱসৰ অনুষ্ঠানৰ মঞ্চত পুটিনৰ অস্বাভাৱিক আচৰণক লৈ ৰাষ্ট্ৰপতি গৰাকীৰ সুস্থতা সন্দৰ্ভত বিভিন্ন মহলে প্ৰশ্নৰ অৱতাৰণা কৰিছে। কৰ্কট ৰোগৰ উপৰি স্নায়ু ৰোগতো পুটিন আক্ৰান্ত বুলি ইতিমধ্যে চৰ্চা চলিছে । এইবাৰ দ্বিতীয় বিশ্বযুদ্ধ বিজয় দিৱসৰ অনুষ্ঠানত ৰেড স্কোৱাৰত কুচ-কাৱাজ চলি থকাৰ সময়তে পুটিনে সেউজ ৰঙৰ ডাঠ জেকেট পৰিধান কৰি মঞ্চত বহিছিল।
তদুপৰি ভৰিৰ ওপৰত এখন কম্বল জাপ কৰি ৰখা হৈছিল। ৯ ডিগ্ৰী চেলচিয়াছ উষ্ণতাত তেনে পোছাক পৰিধান কৰাতো বিভিন্ন মহলে মন্তব্য কৰিছে। কাৰণ, পূৰ্বে এনে অনুষ্ঠানত কেতিয়াও এনে ধৰণৰ গৰম পোছাক পৰিধান কৰা নাছিল ৰুছ ৰাষ্ট্ৰপতি গৰাকীয়ে।