উত্তৰ-পূৰ্বাঞ্চলৰ পৰম্পৰাগত বস্ত্ৰ পৰিধান নকৰিলে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

Share

এইবাৰ  ‘পাটকা’ পৰিধান কৰিবলৈ অস্বীকাৰ কৰাৰ পিছতেই  লোকসভাৰ বিৰোধী দলপতি তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে অৰ্থাৎ ২৬ জানুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰপতি ভৱনত আয়োজন কৰা এক অনুষ্ঠানত ‘পাটকা’ পৰিধান কৰিবলৈ অস্বীকাৰ কৰিছিল। উল্লেখযোগ্য যে পাটকা হৈছে উত্তৰ -পূৱৰ মণিপুৰ ৰাজ্যৰ পৰম্পৰাগত এখন গলবস্ত্ৰ।

পাটকা পৰিধান কৰিবলৈ আস্বীকাৰ কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমূহ গান্ধী পৰিয়ালক সমালোচনা কৰাৰ লগতে ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলক সন্মান নকৰে আৰু ৰাহুল গান্ধীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক অপমান কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যম ‘এক্স’ত কয় যে, “সময় সলনি হ’ব পাৰে, কিন্তু কংগ্ৰেছ দলৰ তথাকথিত শীৰ্ষ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ মানসিকতা দুৰ্ভাগ্যজনকভাৱে কেতিয়াও সলনি নহ’ল। সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ প্ৰতি গভীৰভাৱে অসংবেদনশীল আৰু অপমানজনক এক কাৰ্যত গান্ধী ডাঙৰীয়াই আজি সন্ধিয়া মাননীয় ৰাষ্ট্ৰপতি মহোদয়াই আয়োজন কৰা অভ্যৰ্থনাত অঞ্চলটোৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক পৰম্পৰাগত পাটকা (গলবস্ত্ৰ) পৰিধান কৰিবলৈ অস্বীকাৰ কৰে৷” ড০ শৰ্মাই আৰু কয় যে, “মাননীয় ৰাষ্ট্ৰপতি আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি বিদেশী অতিথিসকলৈকে সকলোৱে সন্মান আৰু গৌৰৱেৰে পাটকা পৰিধান কৰিছিল। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই অকলে পাটকা পৰিধানৰ পৰা বিৰত থাকি উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতিক আকৌ এবাৰ অপমানিত কৰিলে৷” 

উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰত নিশ্চিতকৈ ক্ষমা প্ৰাৰ্থনা কৰিব লাগে বুলি দাবী জনাই মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, “এনেধৰণৰ দৃষ্টিকটু কাৰ্যকলাপে বুজায় উত্তৰ-পূৰ্বাঞ্চলৰ লগতে প্ৰায় সমগ্ৰ দেশতে তেওঁলোকৰ মানুহৰ পৰা আস্থা হেৰুওৱাৰ প্ৰকৃত কাৰণ৷ তথাপি এইধৰণৰ অসংবেদনশীল কাৰ্য কংগ্ৰেছে পুনৰাবৃত্তি কৰিয়ে থাকে৷ যি নহওক এই অপমানজনক আচৰণৰ বাবে ৰাহুল গান্ধী ডাঙৰীয়াই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ ওচৰত নিশ্চিতকৈ ক্ষমা প্ৰাৰ্থনা কৰিবই লাগিব।”    

Leave a Reply

Your email address will not be published. Required fields are marked *