জন্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰে  নিৰাপত্তাৰক্ষীৰ সংঘৰ্ষঃ এটা সন্ত্ৰাসবাদী নিহত 

Share
সুপ্রিয়া তৰফদাৰ, ১ অক্টোবৰঃ পুৱাই জন্মু – কাশ্মীৰত পুনৰ নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সংঘৰ্ষ হয়। কাশ্মীৰৰ শ্বপিয়ান জিলাত নিৰাপত্তাৰক্ষীৰ লগত হোৱা সংঘৰ্ষত এজন  সন্ত্ৰাসবাদী নিহত হয়। জানিব পৰা যায় যে অঞ্চলটোত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ বিষয়ে সুৰক্ষা বাহিনীয়ে তথ্য লাভ কৰিছিল। তাৰ পিছতেই নিৰাপত্তাৰক্ষীয়ে শ্বপিয়ান জিলাৰ ৰাহমা গাৱঁত তালাচী অভিযান আৰম্ভ কৰিছিল। নিৰাপত্তাৰক্ষীৰ এই তালাচী অভিযানৰ উপস্থিতিৰ কথা জানিব পাৰি সন্ত্ৰাসবাদীয়ে নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি গুলিচালনা আৰম্ভ কৰে। তৎক্ষণাত নিৰাপত্তাৰক্ষীয়েও গুলিচালনা কৰে। এনেদৰে দুয়ো পক্ষৰ মাজত গুলিচালনাৰ ফলত এজন সন্ত্ৰাসবাদী নিহত হয়। এতিয়াও অঞ্চলটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে  নিৰাপত্তাৰক্ষীৰ অভিযান চলি  আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *