অসম বিধানসভাৰ গৌৰৱময় সফলতাৰ দিশে আৰু এখোজ। বিধানসভা সচিবালয়ত কেইবাটাও নতুন ব্যৱস্থাৰ আজি শুভাৰম্ভণি। অসম বিধানসভা গোপিনাথ বৰদলৈ ভৱনত ষ্টুডিঅ’ উদ্বোধন,নেভা সেৱা কেন্দ্ৰ,অসম বিধানসভাৰ মুল সভা কক্ষ আৰু নেচনেল ই-বিভাগ এপ্লিকেচনৰ উদ্বোধন কৰাৰ লগতে বিধায়ক আৱাসত উদ্যান উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অনুষ্ঠানত উপস্থিত থাকে বিধানসভাৰ অধ্যক্ষ বিশ্বজীৎ দৈমাৰী, মন্ত্ৰী পিযুষ হাজৰীকা,বিৰোধী দলপতি দেৱব্ৰত শইকীয়া।