শীঘ্ৰেই নিৰ্মাণ হ’ব ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰে’ল দলং পথ

Share

আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিলে এক সুখবৰ।সু যাতায়াত, সুগম ৰে’ল পৰিচালন,ভিৰৰ পৰিমাণ হ্ৰাস,ভ্ৰমণ আৰু পৰিবহন সুগম কৰাৰ ক্ষেত্ৰত ৰে’ল মন্ত্ৰালয়ে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি ৰে’লপথৰ দ্বৈতকৰণ কৰাৰ কথা বিবেচনা কৰিছে।আগিয়াঠুৰী-কামাখ্যা আৰু লামডিং-ফৰকাটিং দ্বৈত ৰে’লপথ নিৰ্মাণত মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে।বৰ্তমান কামাখ্যাৰ সমীপৰ শৰাইঘাটত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত দুখন দলং আছে।১৯৬৪চনত শৰাইঘাট দলংখন এই দুখন দলঙৰ ভিতৰত বিদ্যমান ৰে’লসহ পথৰ কমিছনিং কৰা হৈছিল।নিউ বঙাইগাঁও-ৰঙিয়া-আগিয়াঠুৰী খণ্ডটোৰ দ্বৈত ৰে’লপথৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত পূৰ্ণ লাভালাভপ্ৰাপ্ত কৰাৰ বাবে বাকী অংশখিনি সম্পূৰ্ণ কৰাটো নিশ্চিত হৈ পৰিছে।উল্লেখ্য যে,পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ দ্বাৰা ব্যয় হৈছে ৪১শতাংশ।ব্ৰডগজ ট্ৰেকৰ মুঠ আনুমানিক ব্যয় হৈছে ১৬৫০.৩৭কোটি টকা।সেতুখনৰ উত্তৰ প্ৰান্তে আগিয়াঠুৰী ষ্টেচনক ২.৬৯৪কিলোমিটাৰ দৈৰ্ঘ্য আৰু দক্ষিণ প্ৰান্তে কামাখ্যা ষ্টেচনক ৩.০৭কিলোমিটাৰ দৈৰ্ঘ্যৰ পথৰ সৈতে সংযোগ কৰিব।ভবিষ্যতৰ উদ্যোগসমূহৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ অন্তৰ্মুখী আৰু বহিঃগামী ৰে’ল পৰিবহণৰ অতিৰিক্ত বোজাৰ বাবে খণ্ডটোত অতিৰিক্ত লাইনৰ ক্ষমতা সৃষ্টি কৰিব।আনহাতে লামডিং-তিনিচুকীয়া-ডিব্ৰুগড় ৩৮১কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বৈত ৰে’লপথ প্ৰকল্পৰ অংশ হিচাপে লামডিং-ফৰকাটিং খণ্ডটোৰ কাম অনুমোদিত হৈছে।এই প্ৰকল্পটোৰ প্ৰত্যাশিত ব্যয় হৈছে ২৩৩৩.৮৪কোটি টকা।১৮টা ষ্টেচন এই প্ৰকল্পটোত অন্তৰ্ভূক্ত হৈছে। এই খণ্ডটো দ্বৈতকৰণ কৰাৰ ফলত হোজাই,কাৰ্বি আংলং,গোলাঘাট আৰু নাগালেণ্ডৰ ডিমাপুৰৰ লোকসকলে যাতায়াতাৰ ক্ষেত্ৰত যথেষ্ট সকাশ পাব।ইয়াৰোপৰি বৰ্ধিত ৰে’ল পৰিবহণ ক্ষমতাই সকলো শ্ৰেণীৰ লোকক উপকৃত কৰাৰ লগতে সামগ্ৰীৰ পৰিবহণ সুলভ হব আৰু পৰ্যটকসকলেও যান যঁটৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হবলগীয়া নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *