জন্মু-কাশ্মীৰৰ নিৰ্বাচন : ২৩৮ গৰাকী প্ৰাৰ্থীৰ ভিতৰত মহিলা মাত্ৰ তিনিগৰাকী দ্বিতীয় পৰ্য্যায়ৰ ৪৭ গৰাকী প্ৰাৰ্থীয়ে দাগী । ৰাজনীতি অপৰাধমুক্ত কৰিবলৈ বিভিন্ন দল বা নেতাই প্ৰতিশ্ৰুতি দিয়ে যদিও বাস্তৱত তাৰ বিপৰীত প্ৰতিচ্ছবিয়ে দেখিবলৈ পোৱা যায় । সুদীৰ্ঘ ১০ বছৰৰ অপেক্ষাৰ অন্তত জন্মু-কাশ্মীৰত অনুষ্ঠিত হবলগীয়া দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ ভিতৰত দাগী অপৰাধীৰ সংখ্যাই এয়া প্ৰমাণ কৰিছে । বৰ্তমান সময়ত ৰাজনৈতিক ক্ষেত্ৰত যে নানা অপৰাধীৰ যে আগমণ ঘটিছে ।
তাৰ জ্বলন্ত উদাহৰণ যেন আগন্তক জন্মু-কাশ্মীৰৰ দ্বিতীয় পৰ্য্যায়ৰ প্ৰাৰ্থীত্ব আগবঢ়োৱা ৪৭ গৰাকী প্ৰাৰ্থী । তাৰ ভিতৰত ৩ গৰাকীৰ বিৰুদ্ধে আছে হত্যাৰ গোচৰ । প্ৰাৰ্থীসকলে দাখিল কৰা মনোনয়নপত্ৰ বিশ্লেষণ কৰাৰ পিছতে এই তথ্য পোহৰলৈ আহিছে । দাগী প্ৰাৰ্থী সকলৰ ৪ গৰাকীয়ে বি.জে.পি.-পি.ডি.পিৰ ২ গৰাকী কংগ্ৰেছৰ আৰু এগৰাকী নেচনেল কনফাৰেন্সৰ । প্ৰাৰ্থীসকলৰ শিক্ষাগত অৰ্হতা বেছিসংখ্যকৰে স্নাতক ডিগ্ৰী ।দ্বিতীয় পৰ্য্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা সকলৰ ভিতৰত মাত্ৰ তিনিগৰাকীহে মহিলা । প্ৰাৰ্থীৰ ভিতৰত মহিলা মাত্ৰ তিনিগৰাকী মহিলা । ৮ অক্টোবৰত জন্মু-কাশ্মীৰত কোনে শেষ হাঁহি মাৰে সেয়া সময়তহে লক্ষ্যণীয় হব ।