বন্দনা হাজৰিকা
কভিডসৃষ্ট পৰিৱেশৰ আতংকৰ বাবে ৰাজ্যৰ সকলোবোৰ শিক্ষানুষ্ঠান বন্ধ হৈ থকা সময়তে শিক্ষামন্ত্ৰী ড° ৰনোজ পেগুৱে আজি ১ ছেপ্তেম্বৰৰ পৰা ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান খোলা হ’ব বুলি ঘোষণা কৰিছে । শিক্ষানুষ্ঠান খোলা হ’ব যদিও নৱম ৰ পৰা দ্বাদশ শ্ৰেণীলৈহে পাঠদান আৰম্ভ হ’ব বুলি তেওঁ উল্লেখ কৰে । নিৰ্দিষ্ট sop প্ৰস্তুত কৰি বিদ্যালয় সমূহৰ ক্লাছ আৰম্ভ কৰা হ’ব বুলি তেওঁ কয় । পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠান সমূহ খোলা হ’ব বুলিও তেওঁ উল্লেখ কৰে ।