ৰঙা ঘৰৰ আলহী হ’ব সত্যৰঞ্জন বৰা

Share
তৃষ্ণা দাস, ২৫ অক্টোবৰ : হিন্দুত্ববাদী নেতা সত্যৰঞ্জন ইছলাম ধৰ্মৰ শেষ নবী হজৰত মহম্মদক লৈ বৰাই ফেচবুকত অপমানসূচক মন্তব্য কৰাৰ পিছত বহুকেইটা সংগঠনে আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ কামৰূপ জিলা সমিতিৰ সভাপতি জাহিদুল ইছলামে দক্ষিণ কামৰূপৰ সোণতলী আৰক্ষী চকীত সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। হজৰত মহম্মদক ‘ডকাইত’ আখ্যা দিয়াৰ লগতে হাদিছত বৰ্ণিত জান্নাতৰ ৭২ গৰাকী পৰিচাৰিকাক যৌন কৰ্মী, বেশ্যা বুলি ফেচবুকত সত্যৰঞ্জন বৰাই বিতৰ্কিত মন্তব্য কৰিছিল। 
বৰাৰ ফেচবুকত এনে বিতৰ্কিত পোষ্টৰ বাবে সৰ্বভাৰতীয় ইমাম কাউন্সিলৰ কামৰূপ জিলা সমিতিয়ে আৰক্ষীক এজাহাৰ দাখিল কৰি সত্যৰঞ্জন বৰাক শীঘ্ৰেই গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *