প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেটত মন্ত্ৰীত লাভ কৰাৰ পিছত এইবাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে স্থান লাভ কৰিবলৈ সক্ষম হল প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বাধীন ৰাজনৈতিক বিষয়ক কেবিনেট কমিটিত মঙ্গলবাৰে অন্তৰ্ভুক্ত কৰা হয়। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ত চৰকাৰী নীতি নিৰ্ধাৰক ৰাজনৈতিক বিষয়ক কেবিনেট কমিটিৰ ক্ষমতা যথেষ্ঠ গুৰুত্বপূৰ্ণ। লক্ষণীয়ভাৱে যোৱা সপ্তাহত কেন্দ্ৰীয় মন্ত্ৰী সভাত বৃহৎ সালসলনি আৰু সম্প্ৰসাৰণৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেবিনেট কমিটিত যথেষ্ট তাৎপৰ্যপূৰ্ণ লগতে বিশেষকৈ অতি গুৰুত্বপূৰ্ণ ৰাজনৈতিক বিষয়ক কেবিনেট কমিটিত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ভূপেন্দ্ৰ যাদৱক মন্ত্ৰী সভাত অন্তৰ্ভুক্তিক লৈ দেশৰ ৰাজনৈতিক মহলত চৰ্চাৰ বিষয় হৈ পৰিছে।