উত্তৰ প্ৰদেশৰ এগৰাকী টিভি মেকানিকৰ জীয়ৰী ছানিয়া মিৰ্জা। NDA পৰীক্ষাৰ ফলাফলত ১৪৯ সংখ্যক স্থান অধিকাৰ কৰি উত্তৰ প্ৰদেশ তথা দেশৰ প্ৰথম গৰাকী
মুছলমান মহিলা ফাইটাৰ পাইলট হোৱাৰ দিশত আগবাঢ়িছে ছানিয়া।দেশৰ প্ৰথম মহিলা ফাইটাৰ পাইলট অৱণী চৰ্তুবেদী আছিল ছানিয়াৰ অনুপ্ৰেৰণা।NDA পৰীক্ষাত সাফল্য লাভ কৰি ছানিয়া কয়,মহিলা ফাইটাৰ পাইলটৰ সংখ্যা যথেষ্ট কম।হাইস্কুল পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতেই মই ঠিক কৰিছিলো যে মই ফাইটাৰ পাইলট হম।লগতে কয় প্ৰায় সংখ্যক শিক্ষাৰ্থীয়ে CBSE,ICSE বৰ্ডত পঢ়িহে এই পৰীক্ষাত সাফল্য লাভ কৰে বুনি ভাবে।কিন্তু মই ইউপি বৰ্ডত হিন্দী মাধ্যমত পঢ়িয়েই এই পৰীক্ষাত সাফল্য লাভ কৰিছো বুলি মন্তব্য কৰে ছানিয়া।