বহুদিন ধৰি লৰেন্স বিষ্ণোইৰ টাৰ্গেটত আছিল ছলমান খান। ২০২৪ চনত লৰেন্স বিষ্ণোইৰ গেংঙে কেইবাবাৰো মৃত্যুৰ ভাবুকিও দিছিল ছলমান খানক। যাৰ বাবে ২০২৪ বৰ্ষটো বৰ ভাল নাছিল ভাইজানৰ বাবে অকল এয়াই নহয় বিগত বৰ্ষত চলমান খানে হেৰুৱাবলগীয়া হৈছিল তেওঁৰ অতি ঘনিষ্ঠ বন্ধু বাবা ছিদ্দিকিক।বাবা ছিদ্দিকিৰ হত্যাকাণ্ডৰ পিছতে সংকিত হৈ পৰিছিল সমগ্ৰ খান পৰিয়াল। এটাৰ পিছত এটা ভাবুকি আহি থকাৰ বাবে নতুন বছৰৰ লগে লগে ছলমান খান আৰু তেওঁৰ পৰিয়ালৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বুলেটপ্ৰুফ গ্লাছ আৰু ইলেকট্ৰিক ফেন্সিঙেৰে মুম্বাইস্থিত ভাইজানৰ গেলেক্সি এপাৰ্টমেন্টত নিৰাপত্তা বৃদ্ধি কৰা হল বলিউডৰ অভিনেতা ছলমান খানৰ। ইয়াৰ উপৰিও গেলেক্সি এপাৰ্টমেন্টৰ চাৰিওফালে হাই ছিকিউৰিটি ট্ৰেচাৰো স্থাপন কৰা হৈছে। ছলমান খানৰ ঘৰৰ বেলকনিতও ব্যৱহাৰ কৰা হৈছে বুলেটপ্ৰুফ গ্লাছ। যিখন বেলকনিত থিয় হৈ ঈদ, দিপাৱলী আৰু জন্মদিনত শ শ অনুৰাগীক জনায় ধন্যবাদ। এতিয়াৰ পৰা সম্পুৰ্ণ নিৰাপত্তাত থাকিব ছলমান খান।সম্পুৰ্ণ কটকটীয়া নিৰাপত্তা প্ৰধান কৰা হৈছে ভাইজান ছলমানক। এতিয়াৰে পৰা লৰেন্স বিষ্ণোইৰ গেংঙে গুলীয়ালেও এতিয়া ঘৰটোত নালাগে গুলী।