গুৱাহাটী,১ এপ্রিলঃ ৰাছিয়াই যিধৰণে ইউক্রেইনৰ ওপৰত ধাৰাবাহিক ধ্বংসযজ্ঞ চলাই যোৱাৰ সময়তে ইউক্রেইনৰ ওপৰত নিৰ্মমভাৱে আক্রমণৰ পাছৰে পৰা সমগ্ৰ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ক্রেতাসকলে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্রয় কৰা সম্পূৰ্ণৰূপে স্তব্ধ কৰাৰ ফলশ্রুতিত এতিয়া ৰাছিয়াত উৎপন্ন হোৱা তেলৰ একমাত্র মুখ্য ক্রেতি হৈছে ভাৰত আৰু চীন ।
শেহতীয়া তথ্য অনুসৰি , ভাৰতক প্রতি বেৰেলত ৩৫ ডলাৰ ৰেহাই মূল্যত ক্রুড অইল আগবঢ়াইছে ৰাছিয়াই । কিয়নো নিজৰ বিধ্বস্ত অৰ্থনীতিৰ স্থিতি ৰক্ষাৰ অৰ্থে ৰাছিয়াৰ বাবে এয়েই হৈছে একমাত্র উপায় । তদুপৰি ৰাছিয়াই বিচাৰে যে এই বছৰৰ বাবে চুক্তিবদ্ধ ১৫ নিযুত বেৰেল আৰম্ভণিতে গ্ৰহণ কৰক ভাৰতে । ভাৰতলৈ টকা- ৰুবেলৰ জৰিয়তে তেল ক্রয়ৰ প্রস্তাৱ আগবঢ়াইছে ৰাছিয়াই ।