ভাৰতক হিন্দু ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰাৰ প্ৰয়োজন নাই, গুৱাহাটীত উপস্থিত হৈ আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতে মন্তব্য কৰে যে হিন্দু কেৱল এটা ধৰ্ম নহয় বৰঞ্চ হাজাৰ হাজাৰ সাংস্কৃতিক ধাৰাবাহিকতা শিপাই থকা এক সভ্যতাৰ পৰিচয়।ভাগৱতে গুৱাহাটীৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰি কয় যে যিজন ব্যক্তিয়ে ভাৰতক লৈ গৌৰৱ অনুভৱ কৰে তেওঁয়েই হৈছে হিন্দু।ইয়াৰ লগতে তেওঁ কয় যে ‘’ভাৰতক হিন্দু ৰাষ্ট্ৰ হ’বলৈ আনুষ্ঠানিক ঘোষণাৰ প্ৰয়োজন নাই। ইয়াৰ সভ্যতাৰ প্ৰকৃতিয়ে ইতিমধ্যে ইয়াক প্ৰতিফলিত কৰিছে।’’ মোহন ভাগৱতে উত্তৰ-পূৰ্বাঞ্চলক বৈচিত্ৰৰ ক্ষেত্ৰত ভাৰতৰ উজ্জ্বল নিদৰ্শন বুলি অভিহিত কৰিছে। লগতে তেওঁ লাচিত বৰফুকন আৰু শ্ৰীমন্ত শংকৰদেৱৰ প্ৰসংগত কয় যে এই সকল ব্যক্তিৰ কেৱল আঞ্চলিক গুৰুত্বই নহয় ৰাষ্ট্ৰীয় প্ৰাসংগিকতাও আছে। আৰ এছ এছ কাৰো ক্ষতি কৰিবলৈ সৃষ্টি হোৱা নাই, বৰঞ্চ ই ভাৰতক বিশ্বৰ নেতা হিচাপে তোলাত অৰিহণা যোগাবলৈ প্ৰতিষ্ঠা হৈছে।ইফালে, অসমৰ “জনগাঁথনিগত পৰিৱৰ্তন”ৰ উদ্বেগক সম্বোধন কৰি মোহন ভাগৱতে সকলোকে নিজৰ মাটি আৰু পৰিচয়ৰ ধৰি ৰাখিবলৈ আহ্বান জনায়। লগতে অবৈধ অনুপ্ৰৱেশ, হিন্দুসকলৰ বাবে তিনিটা সন্তানৰ নিয়মকে ধৰি সুষম জনসংখ্যা নীতিৰ প্ৰয়োজনীয়তা, বিভাজনকাৰী ধৰ্মান্তৰকৰণৰ বিৰোধিতা কৰাৰ গুৰুত্ব আদি বিষয়ত ভাষণ দিয়ে মোহন ভাগৱতে। বিশেষকৈ যুৱক-যুৱতীসকলৰ মাজত ছ’চিয়েল মিডিয়াৰ দায়িত্বশীল ব্যৱহাৰৰ পোষকতা কৰে আৰ এছ এছৰ নেতাগৰাকীয়ে।উল্লেখ্য যে, সোমবাৰে তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত হৈছিল মোহন ভাগৱত। মোহন ভাগৱতে আজি অৰ্থাৎ বুধবাৰে যুৱ সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে অহা ২০ নৱেম্বৰত মণিপুৰলৈ ৰাওনা হ’ব আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱত।