ক’ভিড প্ৰট’কল মানি আজিৰে পৰা পুনৰ আৰম্ভ গুৱাহাটী- উত্তৰ গুৱাহাটী ৰোপৱে’ সেৱা

Share

গুৱাহাটী,২২ জুলাই: আজিৰে পৰা পুনৰ আৰম্ভ হ’ল গুৱাহাটী–উত্তৰ গুৱাহাটীৰ মাজৰ ৰোপৱে’ সেৱা। সম্পূৰ্ণ কভিড প্ৰট’কল মানি ৰোপৱে’ত উঠিব পাৰিব যাত্ৰীসকল। পুৱা ৮:৩০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ চলিব এই ৰোপৱে’সেৱা। কভিডৰ ভয়াবহতাৰ বাবে ৬ মে’ৰ পৰা এই সেৱা বন্ধ ৰখা হৈছিল।
আনহাতে, পুনৰ ৰোপৱে’ সেৱা আৰম্ভ হোৱাৰ লগে লগে বৃদ্ধি কৰা হৈছে ৰোপৱে’ ভাড়া। অহা–যোৱাৰ বাবে পূৰ্বৰ ১০০ টকাৰ পৰিৱৰ্তে এতিয়া দিব লাগিব ১৫০ টকা। কিন্তু তিনি বছৰৰ পৰা বাৰ বছৰৰ শিশু আৰু জ্যেষ্ঠ নাগৰিকৰ ভাৰা হ্ৰাস কৰা হৈছে। বিশেষভাবে সক্ষম লোকৰ ভাড়া সম্পূৰ্ণ ৰেহাই। জি এম ডি এই এক বিশেষ জাননীযোগে এই কথা প্ৰকাশ কৰিছে।

প্ৰতিবেদন: ৰাজীৱ কলিতা 

Leave a Reply

Your email address will not be published. Required fields are marked *