সাত সাগৰ তেৰ নদীৰ সিপাৰত ৰঙালী বিহুৰ উদযাপন । লণ্ডনত ইলফ’ৰ্ডৰ প্ৰবাসী অসমীয়া সকলে উদযাপন কৰিলে হেপাঁহৰ ৰঙালী বিহুটি ।এই ৰঙালী বিহু আয়োজন কৰিছিল বিতিকা শইকীয়া আৰু গীতা কক্সে । আয়োজন কৰা ৰঙালী বিহু অনুষ্ঠানত অংশগ্ৰহণ কৰে ব্ৰিটেইনৰ বিভিন্ন প্ৰান্তত থকা প্ৰবাসী অসমীয়াসকলে। যিহেতু বিহুৰ বতৰত ঘৰৰ পৰা দূৰৈত থকাটো খুবেই কষ্টকৰ ,সেয়েহে প্ৰবাসী অসমীয়াসকলে এই ৰঙালী বিহুৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি খুবেই আবেগিক হৈ পৰিছে । তেওলোকে এই অনুষ্ঠানৰ জৰিয়তে ৰঙালী বিহুৰ সকলো খিনি পৰপম্পৰা ৰক্ষা কৰি গীত -মাত পৰিবেশন কৰি ৰঙালী বিহুটি উদযাপন কৰিছিল।
উল্লেখযোগ্য যে বিহু অনুষ্ঠানৰ লগতে অসমীয়া লোকনৃত্য আৰু নৃত্যনাটিকাৰ প্ৰশিক্ষণো দিয়া হয় । তেওলোকে ৰঙালী বিহু আয়োজন কৰাৰ লগতে প্ৰতিজন প্ৰবাসী অসমীয়াৰ জাতীয় চেতনা ভাব বৃদ্ধি কৰিবলৈ চেষ্টা কৰিছিল।লগতে বিশ্বৰ দৰবাৰলৈ অসমীয়া সংস্কৃতিক আগুৱাই নিয়াৰো এক প্ৰয়াস আছিল। ইয়াৰ উপৰি বিতিকা শইকীয়াই এক মন্তব্য আগৱঢ়াই এয়া আন্ত ৰাষ্ট্ৰীয় মঞ্চত অসমীয়া কলা আৰু সংস্কৃতিৰ প্ৰাচুয্যক চিনাকি কৰি দিয়াৰ আমাৰ এটি প্ৰয়াস ।
প্ৰবাসী অসমীয়া বিতিকা শইকীয়া হৈছে এগৰাকী লণ্ডনস্থিত প্ৰবাসী অসমীয়া অৱসৰপ্ৰাপ্ত চিকিৎসক তথা স্থানীয় বেচৰকাৰী প্ৰতিষ্ঠানৰ সক্ৰিয় সদস্য । আৰু গীতা কক্স NEICCUK নামৰ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাপক তথা সাংস্কৃতিক সম্পাদিকা।