জৰাজীৰ্ণ হৈ পৰিছে ৰাস্তা-ঘাট

Share

বিগত কেইদিনমানৰ পৰা আহি থকা বৰষুণ আৰু শিলাবৃষ্টিৰ ফলত বহুকেইটা অঞ্চলত যথেষ্ঠ পৰিমাণে ক্ষতি হোৱা দেখা গৈছে। বিশেষকৈ মানুহৰ ঘৰ । তেনে স্থলত ৰাস্তা ঘাট অতি শোচনীয় হৈ পৰিছে।তেনে এক ঘটনাই সংঘটিত হৈছে বিশ্বৰ ঐতিহ্যক্ষেত্ৰ কাজিৰঙাস্থিত কহঁৰা চাৰিয়ালী সমীপত ১ নং কহঁৰা পথত। এই জৰাজীৰ্ণ পথটোৰ বাবে দীৰ্ঘদিন ধৰি বহু সমস্যাৰ সমূখীন হৈছে কহঁৰাৰ ৰাইজে । কিন্ত কোনো খা-খবৰ নাই কৃষিমন্ত্ৰী অতুল বৰাৰ। এই দৰ্গম পথটোৰ বাবে  গাওঁৰ সাধাৰণ ৰাইজকে ধৰি ৰোগী, ছাত্ৰ- ছাত্ৰী লগতে যান্ত্ৰণাত ভূগিছে দেশ- বিদেশৰ পৰা অহা পৰ্যটক সকলেও। অকল সভাত মন্ত্ৰী বিধায়কে উন্নতিৰ বাবে কৰা কাম এই পথটোৱে দেখুৱাইছে যেন তাৰে এখন আলোকচিত্ৰ। অৱশেষত কৃষিমন্ত্ৰী অতুল বৰাৰ ওপৰত ক্ষোভ উজাৰি এই দুৰ্গম পথেৰে এবাৰ খোজ কাঢ়িবলৈ আহ্বান জনালে স্থানীয় ৰাইজে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *