২০২৪-২৫ শিক্ষা বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

Share

অশেষ অপেক্ষাৰ অন্তত আজি পুৱা ১০:৩০ বজাত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে ঘোষণা কৰিলে ২০২৪-২৫ শিক্ষা বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ১৫ তাৰিখৰ পৰা মাৰ্চৰ ৩ তাৰিখলৈ অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্য হৈছিল ৪ লাখ ২৯ হাজাৰ ৪৪৯গৰাকী পৰীক্ষাৰ্থী। যাৰ বিপৰীতে উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ২ লাখ ৭০ হাজাৰ ৪৭১ গৰাকী পৰীক্ষাৰ্থী।

উল্লেখযোগ্য যে, সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ প্ৰশ্ন কাকত খনক লৈ ৰাজ্যজুৰি বিতৰ্কৰ সৃষ্টি হৈছিল। তাৰ পাছত পুনৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাক লৈও কেইবাদিনো ধৰি বিতৰ্কীত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছিল। আজি পুৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগুৱে সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিয়ে যে আজি পুৱা হাই স্কুল  শিক্ষান্ত পৰীক্ষাৰ ফলাফলসমূহব ঘোষণা কৰা হ’ব। ঘোষণা অনুসৰি পুৱা ১০:৩০ বজাত ঘোষণা হৈছিল ফলাফলসমূহ।

চলিত শিক্ষা বৰ্ষৰ হাই স্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৮৯, ০৪১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে ৪৫,৮৬২ গৰাকী পৰীক্ষাৰ্থী। সমগ্ৰ ৰাজ্যৰ ভিতৰতে প্ৰথম আৰু তৃতীয় স্থান লাভ কৰিবলৈ হৈছে  যোৰহাট জিলাৰ প্ৰজ্ঞ অকাডেমি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী আমিষী শইকীয়াইআৰু অনিৰ্বান বৰগোহাঁইয়ে। দ্বিতীয় স্থান লাভ কৰিছে কামৰূপ মহানগৰৰ অসম জাতীয় বিদ্যালয়ৰ ছাত্ৰ সপ্তাৰ্ষ বৰদলৈএ। আমিষী শইকীয়াই লাভ কৰিছে ৫৯১ (৯৮.৫০% ), সপ্তাৰ্শ্ব বৰদলৈএ লাভ কৰিছে ৫৯০ (৯৮.৩৩%), অনিৰ্বান বৰগোহাঁইএ লাভ কৰিছে ৫৮৯ ( ৯৮.১৭%)। জিলা ভিত্তিত প্ৰথম স্থান লাভ কৰা ৫খন জিলা হৈছে- প্ৰথম স্থানত শিৱসাগৰ জিলা ৮৫.৫৫%, দ্বিতীয় স্থানত ডিব্ৰুগড় জিলা ৮১.১০%, তৃতীয় স্থানত ধেমাজী ৮০.৬৪%, চতুৰ্থ স্থানত যোৰহাট জিলা ৭৯.৬১% আৰু পঞ্চম স্থানত কামৰূপ মেট্ৰ ৭৮.৭৯%। আনহাতে, সৰ্বনিম্ন ফলাফল দেখুওৱা জিলাসমূহ হৈছে- শ্ৰীভূমি জিলা ৪৭.৯৬%, গোৱালপাৰা জিলা ৫১.৩১%, হোজাই জিলা ৫২.৬১%, ধুবুৰী জিলা ৫৪.৮৯%ল আৰু কাছাৰ জিলা ৫১.৫৮%।

Leave a Reply

Your email address will not be published. Required fields are marked *