ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উদ্বিগ্ন হৈছে দেশৰ প্ৰতিষ্ঠিত বেংকসমূহৰ অস্থিৰতাক লৈ

Share

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ২৯ মে’ ৰ দিনা মুম্বাইত দেশৰ বেংক সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ বাৰ্তা প্ৰদান কৰে। তেওঁ বেংকসমূহক এক বাৰ্তা দিয়ে যে গ্ৰাহকৰ ধনৰ সুৰক্ষা শীৰ্ষত ৰাখিব লাগে। তাৰ ওপৰিও উল্লেখ্য যে নিৰ্বাচিত বেংকসমূহত কৰ্পৰেট শাসকৰ বিষয়টোক লৈ উদ্বেগজনক প্ৰশ্ন উত্থাপন হৈছে। যাৰ ফলত আৰ বি আইৰ গৱৰ্ণৰে বেংকসমূহত অস্থিৰতা আহিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে।

আৰ বি আইৰ গৱৰ্ণৰৰ মতে, এই কথা মনত ৰাখিব লাগিব যে দেশৰ বেংকসমূহৰ ব’ৰ্ড আৰু পৰিচালনা সমিতিয়ে গুৰুত্ব দিব লাগিব যে যিবোৰ ভৱিষ্যতে সমগ্ৰ দেশৰ বেংকিং খণ্ডৰ বাবে অস্থিৰতাৰ কাৰণ হৈ পৰিব পাৰে। তেওঁ মন্তব্য কৰে যে দেশৰ কেন্দ্ৰীয় বেংকে ৰাজহুৱা ধনৰ ওপৰত কোনোধৰণৰ নিৰাপত্তাহীনতা দেখা দিব নোৱাৰে। সোমবাৰে আৰ বি আইৰ গৱৰ্ণৰে ভাৰতীয় ৰিজাৰ্ভ বেংকে দেশৰ কেন্দ্ৰীয় বেংকৰ সঞ্চালকসকলৰ বাবে আয়োজন কৰা এখন সন্মিলনীত কয়। লগতে ইয়াকেও সদৰি কৰে আমেৰিকাৰ বেংকিং সংকটৰ উদাহৰণ দি কয় যে ভাৰতে এনে পৰিস্থিতি দেখাৰ আগতে সতৰ্ক পন্থা অৱলম্বন কৰিব লাগিব।

আৰ বি আইৰ গৱৰ্ণৰে কয় যে যিকোনো দেশৰ বেংকসমূহৰ নাতি-নিৰ্দেশনা মানি চলিবলৈ এক শক্তিশালী বাৰ্তা প্ৰদান কৰি যিকোনো দেশৰ বেংকিং খণ্ডৰ বাবে এক শক্তিশালী চৰকাৰী গাঁথনিৰ প্ৰয়োজনীয়তাই প্ৰথম আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ। গতিকে দেশৰ বেংকসমূহে কেন্দ্ৰীয় বেংকৰ পৰা লাভ কৰা নিৰ্দেশনাসমূহ মানি চলিব লাগে যাতে বেংক খণ্ডটো বহনক্ষম বিত্তীয় প্ৰৰ্দশনৰ বাবে সাজু হৈ থাকে।

নিৰ্বাচিত বেংকসমূহে আৰ বি আইৰ নিৰ্দেশনা পালনত কিছু শিথিলতাৰ লক্ষণ দেখা গৈছে আৰু এইসমূহ কাৰকে ভৱিষ্যতে বেংকিং খণ্ডৰ বাবে অস্থিৰ পৰিৱেশৰ কাৰণ হৈ উঠিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *