ড° ভীমৰাও ৰামজী আম্বেদকাৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৬ ডিচেম্বৰ তাৰিখটো সমগ্ৰ ভাৰতে মহাপৰিণীৰ্বণ দিৱস হিচাপে পালন কৰে৷ভাৰতীয় সংবিধানৰ জনক বি.আৰ আম্বেদকাৰৰ জন্ম হৈছিল ১৮৯১ চনৰ ১৪ এপ্ৰিলত৷বাবাচাহেব নামে খ্যাত বি.আৰ আম্বেদকাৰে দেশৰ দলিতসকলৰ অৰ্থনৈতিক আৰু সামাজিক সৱলীকৰণৰ বাবে যুঁজ দিছিল, অস্পৃশ্যতাৰ সামাজিক দুৰ্যোগ নিৰ্মূল কৰিছিল আৰু লিংগ সমতাৰ প্ৰচাৰ কৰিছিল৷তেওঁ খচৰা সমিতিৰ সাতজন সদস্যৰ ভিতৰৰ এজন যিয়ে স্বাধীন ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল৷তেওঁ স্বাধীন ভাৰতৰ ভেটি স্থাপনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷আম্বেদকাৰৰ দূৰদৰ্শী চিন্তা আৰু অৱদানে ভাৰত গণৰাজ্যৰ সামাজিক আৰু আইনী ভেটি স্থাপন কৰিছিল৷তদুপৰি স্বাধীন ভাৰতৰ প্ৰথমগৰাকী আইন মন্ত্ৰী আছিল ড° বি.আৰ আম্বেদকাৰ।৬৬ সংখ্যক মৃত্যু বাৰ্ষিকীত সংবিধান প্ৰণেতা তথা ভাৰতবৰ্ষৰ অস্পৃশ্যতা দূৰীকৰণৰ বাটকতীয়া গৰাকীক শ্ৰদ্ধাৰে শুৱৰিছে দেশবাসীয়ে।