পুনৰ বৃদ্ধি বানিজ্যিক চিলিণ্ডাৰৰ মূল্য

Share

ডিজিটেল ডেস্ক, ২মেঃ বিগত কেইদিনমান ধৰি ধাৰাবাহিকভাবে হৈ থকা মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাক কোঙা কৰি তোলা পৰিলক্ষিত হৈছে। কেৱল সাধাৰণ জনতাৰ মাজতে নহয় উদ্যোগ জগততো মূল্য বৃদ্ধিয়ে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে ।তাৰ মাজতে দেওবাৰে পুনৰ বানিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰা পৰিলক্ষিত হৈছে।১৯ কিল’গ্ৰামৰ একোটাকৈ বানিজ্যিক চিলিণ্ডাৰৰ মূল্য ১০২.৫০ টকাকৈ বৃদ্ধি কৰা হৈছে। আৰু পূৰ্বতে একোটা বানিজ্যিক চিলিণ্ডাৰৰ মূল্য আছিল ২২৫৩ টকা যদিও এতিয়া ২৩৫৫.৫০ টকালৈ বৃদ্ধি কৰা হৈছে। আনহাতে ৫ কিল’গ্ৰাম বানিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ৪৫৩ টকাৰ পৰা টকালৈ বৃদ্ধি কৰা হৈছে।

উল্লেখ্য যে যোৱা এপ্ৰিল মাহত একোটা বানিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য ২৫০ টকাকৈ বৃদ্ধি কৰা হৈছিল আৰু একোখন ১৯ কিল’গ্ৰাম বানিজ্যিক চিলিণ্ডাৰৰ মূল্য হৈছিলগৈ ২২৫৩ টকা। এনেদৰে বানিজ্যিক এলপিজি চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰাৰ বাবে কংগ্ৰেছ আৰু তেলেংগানা ৰাষ্ট্ৰসমিতিয়ে চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰে আৰু মূল্যবৃদ্ধি ৰোধ কৰিবলৈ চৰকাৰক দাবী জনায়। 

Leave a Reply

Your email address will not be published. Required fields are marked *