পুনৰ সংযোজন হ’ব ৪০ হাজাৰ লোকৰ ৰেচন কাৰ্ড প্ৰদানঃ মুখ্যমন্ত্ৰী

Share

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জল জীৱন সন্মিলনৰ প্ৰথমখন বৈঠকত উপস্থিত হৈ কেইবাটাও গুৰুত্বপূৰ্ণ কথা ঘোষণা কৰে। অহা অক্টোবৰ মাহত ৰাজ্যত পুনৰ সংযোজন হ’ব ৪০ হাজাৰ লোকক ৰেচন কাৰ্ড প্ৰদান । এই ৰেচন কাৰ্ডসমূহ মহিলাৰ নামত হাতত তুলি দিয়া হ’ব।

ইয়াৰ উপৰিও পূৰ্বৰ চাউলৰ বাবে যিখন ৰেচন কাৰ্ড আছিল সেই ৰেচন কাৰ্ডসমূহ এতিয়াৰ ব্যৱহাৰ কৰা হ’ব মেডিকেলত। মেডিকেলত কাৰ্ডখন থাকিলে ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সুবিধা লাভ কৰিব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে।

অহা ১০ ছেপ্তম্বৰত পুনৰ ৭ লাখ পৰিয়ালক যোগন ধৰিব অৰুণোদয় আঁচনি।বৰ্তমান সময়ত লাভ কৰি থকা ১২৫০ টকাৰ পৰিবৰ্তে ১৪০০ টকা প্ৰদান কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিয়ে। তাৰ উপৰিও ৰাজ্যৰ ৩ লাখ ৭০ হাজাৰ আত্মসহায়ক গোটৰ  যি সকল মহিলাই সৰু সৰু উদ্যোগ কৰিব বিচাৰে তেওঁলোকক প্ৰদান কৰা হ’ব ১০ হাজাৰ টকা।

আনহাতে ১ লাখ নিযুক্তি প্ৰতিশ্ৰুতি পূৰণৰ বাবে অহা জুলাই আগষ্টত ২২ হাজাৰ নতুন বিজ্ঞাপন প্ৰকাশ কৰাৰ কথাও প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *