ৰাজ্যৰ পৰৱৰ্তী মুখ্য সচিব হ’ব ড০ ৰবি কোটা। অসমৰ মুখ্য সচিব হিচাপে তেঁও ৩১ মাৰ্চত নিজৰ কাৰ্যভাৰ গ্ৰহণ কৰিব। ৰবি কোটা এগৰাকী আই এ এছ বিষয়া। তেঁও ভাৰত চৰকাৰৰ লগতে ৰাজ্য প্ৰশাসনৰ বিভিন্ন বিভাগ বিশেষকৈ খাদ্য় আৰু কৃষি, মানৱ সম্পদ , নগৰ আন্তঃগাথনিৰ পৰা আৰম্ভ তৰি আভ্যন্তৰীণ নিৰাপত্তালৈকে বিভিন্ন বিভাগত কাৰ্য নিৰ্বাহ কৰিছিল।
মুখ্য সচিব পদৰ পৰা পৱন কুমাৰ বৰঠাকুৰে অৱসৰ গ্ৰহণ কৰাৰ দিনাই অহা ৩১ মাৰ্চত বৰ্তমানৰ মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিব আই এ এছ বিষয়া ড০ কোটায়ে। ইয়াৰ উপৰিও ৰাজ্য চৰকাৰে তিনি গৰাকী জেষ্ঠ আই এ এছ বিষয়াক বিশেষ মুখ্য সচিবৰ মৰ্যদা প্ৰদান কৰিছে।