মঙলবাৰৰ পৰা উৰিষ্যাৰ পৱিত্ৰ পুৰীৰ জগন্নাথধামত আৰম্ভ হৈছে ৰথ যাত্ৰা । ১৬৮ বছৰ ধৰি জগন্নাথ মন্দিৰত ৰথ যাত্ৰাৰ অনুষ্ঠান অনুষ্ঠিত কৰি অহা হৈছে। কিন্তু কৰোনা মহামাৰীৰ বাবে ৩ বাৰ উদযাপন ৰ পৰা বিৰত আছিল এই ৰথযাত্ৰাৰ উৎসৱ। এই বছৰ অতি আড়ম্বপূৰ্ণভাৱে পালন কৰা হৈছে পুৰীৰ জগন্নাথৰ এই ৰথযাত্ৰাৰ উৎসৱ। হিন্দু ধৰ্মৰ পঞ্জিকা অনুসৰি আছাধ মাহৰ শুক্লা পক্ষৰ দ্বিতীয় দিনা ভগৱান জগন্নাথৰ ৰথযাত্ৰাক উৎসৱ পালন কৰা হয় । আজিৰ দিনটোতে ৰথযাত্ৰাত ভগৱান জগন্নাথে তেওঁৰ ভাতৃ বলোভদ্ৰ আৰু ভগ্নী সুভদ্ৰাৰ সৈতে তিনিটা বিশাল ৰথত উঠি মাহীয়েকৰ ঘৰ গুণ্ডিচা মন্দিৰলৈ যাত্ৰা কৰিছিল ।
প্ৰতি বছৰৰ দৰে এইবাৰো এই উৎসৱ পালন কৰা হৈছে । এইবছৰ ১৯ জুনৰ পৰা পুৱা ১১: ২৫ বজাৰ পৰা আৰম্ভ হৈছে ৰথ যাত্ৰা আৰু ২০জুনৰ তাৰিখৰ মঙ্গলবাৰে ভগৱান জগন্নাথৰ ৰথযাত্ৰাক জপ আৰু সংগীতেৰে উলিয়ায় দিয়া হ’ব। আৰু লগতে ২০জুনৰ নিশা ১০.৪ বজাৰ পৰা আৰম্ভ হ’ব ভগৱান জগন্নাথৰ ৰথযাত্ৰা , এই ৰথযাত্ৰাৰ সমাপ্ত হ’ব ২১ জুনৰ ৭.৯ বজাত ।
পুৰীৰ জগন্নাথৰ এই ৰথযাত্ৰাৰ সাক্ষী হবলৈ দেশৰ ভিন্ন প্ৰান্তৰ ভক্তৰ সমাগম হৈছে । এই পৱিত্ৰ ৰথ যাত্ৰাৰ দৰ্শনে ভগৱান জগন্নাথে সকলো ভক্তৰ সমস্যা দূৰ কৰে বুলি বিশ্বাস কৰা হয়।