অংকিতা দত্তৰ সপক্ষে মাত মাতিব গৈ বিপদত পৰিছে এতিয়া প্ৰদেশ কংগেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী । অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে মুখ্যমন্ত্ৰীক অংকিতা দত্তৰ প্ৰসংগত কৰা টিপন্নিৰ উত্তৰ দিবলৈ গৈ দুদিনৰ পূৰ্বে শিৱসাগৰত ৰাণা গোস্বামীয়ে বিজেপিৰ বিবাহিত মহিলা পৰ- পুৰুষৰ লগত সম্পৰ্ক ৰখা বুলি বিস্ফোৰক মন্তব্য কৰিছিল ।
ইয়াকে লৈ এতিযা জাঙুৰ খাই উঠিছে বিজেপিৰ সভাপতিৰ লগতে মহিলা মৰ্চা । বুধবাৰে দলীয় আৰু সাংগঠনিক কামত শিৱসাগৰৰ বিজেপি কাৰ্যালয়লৈ আহি উচ্চ স্বৰে কথা কোৱাত এজন নেতাই অসন্তুষ্টি প্ৰকাশ কৰে । এনে কথা গৰ্হিত মহিলাৰ সন্মানৰ পৰিপন্থী বুলিও তেঁও উল্লেখ কৰে । আনহাতে ৰাণা গোস্বামীৰ বিজেপিৰ মহিলাক উদ্দেশ্য কৰি কৰা এনে মন্তব্যক লৈ জাঙুৰ খাই উঠিছে শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চা । আৰু তাৰ পিছতে গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
এজাহাৰত মহিলা মৰ্চাৰ সভানেত্ৰী ববী কাকতিকে ধৰি ৪২ গৰাকী মহিলা কৰ্মকৰ্তাই স্বাক্ষৰ কৰি গোস্বামীৰ এই মন্তব্য সকলো ধৰণৰ মহিলা কৰ্মীৰ বাবে লজ্জাজনক লগতে অপমাণ বুলিও উল্লেখ কৰে।