অয্যোধ্যাত প্ৰাণ প্ৰতিষ্ঠা হ’ল ৰাম লাল্লাৰ।দেশৰ বিভিন্ন প্ৰান্তৰ লগতে বিদেশৰ পৰা অহা ভক্তৰ উপস্থিতিত সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিছিল।পৰম্পৰাগত নাগাৰা শৈলিত নিৰ্মিত শ্ৰী ৰাম জন্মভূমি মন্দিৰৰ দৈৰ্ঘ (পূৱ-পশ্চিম)৩৮০ ফূট আৰু প্ৰস্থ ২৫০ ফুট। ই ১৬১ ফুট উচ্চ,মুঠ ৩৯২টা স্তম্ভ আৰু ৪৪খন দুৱাৰ আছে।মন্দিৰৰ স্তম্ভ আৰু দেৱালবোৰত হিন্দু দেৱতা,দেৱ-দেৱীৰ ভাস্কৰ্যযুক্ত চিত্ৰপ্ৰদৰ্শন কৰা হৈছে।তলৰ মহলাত থকা গৰ্ভগৃহত ভগৱান শ্ৰা ৰামৰ শৈশৱৰ ৰূপ সিংহাসনত অধিষ্ঠিত কৰা হৈছে।পুৱা ৫.৩০ বজাত সম্পন্ন শৃংগাৰ আৰতি।তাৰপাছত ৬ বজাৰ পৰা ৰাম মন্দিৰত আৰম্ভ ভক্তৰ দৰ্শন।৪০ দিনলৈ ৰামলল্লাৰ হ’ব বিশেষ অভিষেক।দৰ্শনাৰ্থীৰ বাবে দৰ্শনৰ সময় পূৱা ৭ বজাৰ পৰা ১১ বজালৈ আৰু দুপৰীয়া ২বজাৰ পৰা সন্ধিয়া ৭ বজালৈ।মাজৰ সেই সময় খিনিত বন্ধ থাকিব মন্দিৰৰ দুৱাৰ।