বিজেপিৰে দীৰ্ঘদিনীয়া সম্পৰ্ক ছেদ কৰি জাহাজত যোগদান ৰাজেন গোঁহাইৰ : অজাপত যোগদান কৰিয়েই গোঁহাই সৰৱ বিজেপিৰ বিৰুদ্ধে

Share

ৰাষ্ট্ৰীয় দল বিজেপি এৰি আঞ্চলিক দল অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ শিবিৰলৈ আহে প্ৰবীণ ৰাজনীতিক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, চাৰিবাৰৰ সাংসদ ৰাজেন গোঁহাই । অক্টোবৰ মাহত বিজেপি ত্যাগ কৰা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহায়ে বুধবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিসদত যোগদান কৰে ।গুৱাহাটীৰ দিছপুৰস্থিত লোক নিৰ্মাণ বিভাগত আয়োজন কৰা এক অনুষ্ঠানত ৰাজেন গোঁহায়ে শতাধিক নেতা-কৰ্মীক লগত লৈ অজাপত যোগদান কৰে । অনুষ্ঠানত টাই আহোম জাতীয় পৰিষদৰ প্ৰাক্তন উপ-সভাপতি ৰাজকুমাৰ চেতিয়া, ডাঃ সিদ্ধাৰ্থ শৰ্মা, প্ৰাক্তন বিজেপি নেতা জ্যোতিপ্ৰসাদ নাথ, অভিযন্তা আব্দুল জলিলকে ধৰি শতাধিক ব্যক্তিয়ে অসম জাতীয় পৰিষদত যোগদান কৰে ।

আনফালে অজাপত যোগদান কৰি প্ৰাক্তন কেন্দ্ৰীয় মন্ত্রী ৰাজেন গোঁহায়ে কয়, “মই সকলো কাম নিয়মানুৱৰ্তিতাৰে তথা অতি সততাৰে কৰোঁ । মই ফাংফুং কৰিব নোৱাৰোঁ । আজি এটা পবিত্ৰ দিন । এটা ভাল দিন বুলি ভাবি আজি যোগদান কৰিলোঁ । ৰাষ্ট্ৰীয় দলটোত মই ৪০ বছৰ দিছিলোঁ । বিজেপিৰ প্ৰসংগত তেওঁ কয়, “ৰাষ্ট্ৰীয় দলটোত মই বহু বিসংগতি দেখা পালোঁ । অসমক ৰক্ষা আৰু শক্তিশালী কৰিবলৈ হ’লে সকলো জাতি-জনগোষ্ঠীৰ, সকলো ভাষা-ভাষীৰ লোকক লগত লৈ আগবাঢ়ি যাব লাগিব । সকলো ভাষা-ভাষীৰ মাজত সমন্বয় হোৱাটো বিজেপিয়ে নিবিচাৰে । ৰাষ্ট্ৰীয় দল হ’লে আমি আমাৰ অসমখন দিল্লীৰ হাতত গতাই দিয়াৰ দৰে হয় । ৰাজেন গোহাঁয়ে ১৯৯১ চনৰ পৰাই ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সক্ৰিয় সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । লগতে তেওঁ লোকসভাৰ সদস্য হিচাপে ৪টা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল । বিজেপি ত্যাগ কৰাৰ পিছত বুধবাৰে তেওঁ আনুষ্ঠানিকভাৱে অজাপত যোগদান কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *