বৰ্ষাপাৰাত ৰাজস্থান ৰয়েলছৰ মেচ

Share

গুৱাহাটীৰ বৰ্ষাপাৰাত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছৰ দুয়োখন মেচ।ক’ত ক’ত উপলবদ্ধ হ’ব এই টিকট।বুকমাই শ্ব’ এপৰ জৰিয়তে অনলাইন মাধ্যমৰ লগতে একাধিক অফলাইন কাউণ্টাৰ মুকলি কৰিছে দলটোৱে।ৰাজস্থান ৰয়েলছৰ বিভাগীয় সূত্ৰই জনোৱা মতে এই এফলাইন কাউণ্টাৰ সমূহৰ ভিতৰত আছে ছাউথ পইণ্ট স্কুল,নেহৰু ষ্টেডিয়াম আৰু চি টি চেণ্টাৰ মলৰ পৰা টিকট সংগ্ৰহ কৰিব পাৰিব।দ্বিতীয় গৃহৰূপে পৰিচিত গুৱাহাটীত উপস্থিত হ’ব ১৩ মে’ত।বৰ্ষাপাৰাৰ গাতে লাগি থকা ছাউথ পইণ্ট স্কুলৰ টিকট কাউণ্টাৰ খোলা থাকিব ১৯ মে’ৰ নিশা ৮.০০ বজালৈ।জানিবপৰামতে বৰ্ষাপাৰাস্থিত এ চি এ ষ্টেডিয়ামত ১৫ মে’ত পাঞ্জাৱ কিংছ আৰু ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে খেলিব ৰাজস্থান ৰয়েলছে।

Leave a Reply

Your email address will not be published. Required fields are marked *