ভাৰতীয় ৰে’লৱেৰ আসন নিশ্চিত কৰাৰ ক্ষেত্ৰত অৰ্থাৎ ৰিজাৰ্ভেচনৰ ক্ষেত্ৰত যাত্ৰীসকল প্ৰায়ে সমস্যাৰ সন্মুখীন হয়। যাৰ সমাধানৰ বাবে ৰে’লৱেই কৰ্তীপক্ষই জাৰী কৰিছে নতুন নিয়ম।
ভাৰতীয় ৰে’লৱেই বৰ্তমানৰ তটকাল টিকটত প্ৰযোজ্য হৈ থকা নিয়ম ৰিজাৰ্ভেচন টিকট বুকিং কৰাৰ ক্ষেত্ৰতো প্ৰযোজ্য কৰাৰ সিদ্ধান্ত লৈছে। এই নিয়ম ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব।
নতুন নিয়ম অনুসৰি, অহা ১ অক্টোবৰৰ পৰা ৰে’লৱেৰ ৰিজাৰ্ভেচন উইণ্ডো খোলাৰ পিছত প্ৰথম ১৫ মিনিটত ভাৰতীয় ৰেলৱেই টিকট বুকিং কৰিব পাৰিব। এই নিয়ম ইণ্ডিয়ান ৰে’লৱে কেটাৰিং এণ্ড টুৰিজিম কৰ্প’ৰেশ্যনৰ (IRCTC)ৰ ৱেবছাইট আৰু মোবাইল এপ দুয়োটাতে প্ৰযোজ্য হ’ব।এই সুবিধা কেৱল ইতিপূৰ্বে আধাৰ ভেৰিফিকেচন কৰা লোকসকলেহে লাভ কৰিব।
এই প্ৰয়োজনীয় পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ IRCTCক নিৰ্দেশনা জাৰি কৰা হৈছে। লগতে জ’নেল ৰে’লৱেৰ বিষয়াসকলকো গাইডলাইন জাৰি কৰাৰ লগতে এই নতুন নিয়মৰ কাৰ্যকৰী নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।