আজি দুপৰীয়া ১ বজাত বৰঝাৰত উপস্থিত হব ৰাহুল গান্ধী

Share

এ পি ছি ছি ৰ নেতৃত্বই বিমানবন্দত আদৰিব নেতাগৰাকীক । বিমানবন্ধৰৰ পৰা যাত্ৰা কৰিব সোণাপুৰললৈ। আজি দিনৰ ২ বজাত ৰাহুল গান্ধী উপস্থিত হব সোণাপুৰলৈ। সোণাপুৰত জুবিনৰ সমাধিত জ্ঞাপন কৰিব শ্ৰদ্ধাঞ্জলি। সোণাপুৰতে অণুৰাগীৰ সৈতে কিছুসময় কটাব নেতাগৰাকীয়ে।বিয়লি সোণাপুৰৰ পৰা  কাহিলিপাৰালৈ আহিব পাৰে  জনাইছে নেতাগৰাকীয়ে।

কাহিলিপাৰাত গৰিমা শইকীয়া গাৰ্গৰ লগতে  পৰিয়ালক কৰিব সাক্ষাত। তাৰ পৰাই বিমানবন্দৰলৈ ৰাওনা হব কংগ্ৰেছ নেতাগৰাকী। গুৱাহাটীৰ পৰা  উত্তৰ প্ৰদেশলৈ যাব ৰাহুল গান্ধী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি জেষ্ঠ নেতা ভুপেন বৰাই সদৰী কৰিলে এই তথ্য।

উল্লেখযোগ্য় যে  অসমলৈ আহি  কোনো কাৰ্য কলাপত অংশ নলয় কংগ্ৰেছ নেতা তথা  লোকসভাৰ বিৰোধী দলৰ দলপতি  ৰাহুল গান্ধীয়ে । এই কথা সংবাদ মাধ্যমত অৱগত কৰে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা  সাংসদ গৌৰব গগৈয়ে । জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই উভতি যাব ৰাহুল গান্ধী।

ৰাহুল গান্ধী অসমত অহাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে সদৰী কৰে যে, আমি আগতেই বিছাৰিছিলো কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় নেতা জুবিনৰ শেহ যাত্ৰাত আমাৰ লগত থাকক।কিন্ত  সেয়া হৈ নুঠিল  কংগ্ৰেছে সেই সময়ত গুৰত্ব নিদিলে।  কিন্ত শেহতীয়াকৈ জুবিন গাৰ্গৰ বাবে ৰাহুল  গান্ধী অসমলৈ আহিব বুলি জানি তেওঁক আমি আদৰণি জনাইছো।

Leave a Reply

Your email address will not be published. Required fields are marked *