বনিতা বড়ো
নতুন দিল্লী, ১৫ আগষ্টঃ নিৰ্দিষ্ট সময়ৰ বাবে টুইটাৰে বন্ধ কৰি ৰাখিছে কংগ্ৰেছৰ ২৩ জন নেতাৰ টুইটাৰ একাউণ্ট । দেশৰ মূল বিৰোধী দল কংগ্ৰেছৰ প্ৰাক্তন নেতা ৰাহুল গান্ধীকে ধৰি আন ২২ জন কংগ্ৰেছ নেতাৰ টুইটাৰ একাউণ্ট বন্ধ কৰি ৰখা হৈছে ।উল্লেখ্য যে, এই একাউণ্টবোৰৰ জৰিয়তে ভূৱা খবৰ আৰু অপপ্ৰচাৰ চলি অহাৰ লগতে টুইটাৰৰ নিয়ম ভংগ কৰাৰ বাবেই টুইটাৰে এনে সীদ্ধান্ত গ্ৰহণ কৰে। তাৰোপৰি কংগ্ৰেছৰ অফিচিয়েল টুইটাৰ একাউণ্টটোও সাময়িকভাবে বন্ধ কৰি ৰখা হৈছে । কংগ্ৰেছ দলৰ সৈতে জড়িত আন ৭ টা একাউণ্টৰ বিৰুদ্ধেও টুইটাৰে কঠোৰ স্হিতি গ্ৰহণ কৰা দেখা গৈছে । এই তালিকাত কংগ্ৰেছ নেতা ৰোহন গুপ্তা, কে চি বেণুগোপাল, ৰণদীপ সূৰ্যেবালাৰো নাম অন্তৰ্ভুক্ত হৈ আছে ।
জানিব পৰা মতে, মহাৰাষ্ট্ৰ , গুজৰাট, তামিলনাডু, ৰাজস্হানৰ কেইবাজনো কংগ্ৰেছ নেতাৰ টুইটাৰ একাউণ্ট সাময়িকভাবে বন্ধ কৰি ৰখা হৈছে । টুইটাৰ কৰ্তপক্ষৰ এই কাৰ্য্যক ৰাহুল গান্ধীয়ে অসন্তুষ্টি প্ৰকাশ কৰি তীব্ৰ সমালোচনা কৰে। কংগ্ৰেছৰ প্ৰাক্তন নেতা ৰাহুল গান্ধীয়ে এই ক্ষেত্ৰত ভাৰত চৰকাৰৰ হাত থকা বুলি অভিযোগ উত্থাপিত কৰা দেখা যায়।