জি এছ টিৰ গাথঁনি সলনি কৰাক লৈ মন্তব্য কৰিলে কৰ্ণাটকত ৰাহুল গান্ধীয়ে

Share

ৰাহুল গান্ধীয়ে কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্য়েৰে দুদিনীয়া ভ্ৰমণসূচী লৈ ব্যস্ত হৈ পৰিছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আগন্তুক নিৰ্বাচনৰ বাবে দুদিনীয়া কৰ্ণাটক ভ্ৰমণৰ সময়ত কৃষকৰ দুৰ্দশাক আওকান কৰা কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে।

সোমবাৰে বেনলাগাৱীৰ ৰামদুৰ্গ অঞ্চলত কুহিয়াৰ খেতিয়েকসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে যদি ৰাজ্যখনত কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে কৃষকসকলৰ বাবে বিশেষ কিছুমান পদক্ষেপ গ্ৰহণ কৰা হ’ব। আৰু কৃষকসকলক ফচলৰ সঠিক মূল্য দিয়া হ’ব। দেশত মূল্য বৃদ্ধি পাইছে। গেছ চিলিণ্ডাৰ আৰু ইন্ধনৰ দাম বৃদ্ধি হৈছে আৰু সেই অনুপাতত আপোনালোকৰ আয় অতি কম। আপোনালোকৰ উপাৰ্জনৰ আয় বৃদ্ধি কৰিব লাগিব আৰু তাৰ বাবে এখন বিপণৰ ক্ষেত্ৰও প্ৰদান কৰিব লাগিব।

বিজেপি চৰকাৰে কৃষকসকলক পিঠি দিছে বুলিও অভিযোগ কৰে ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ মতে কৃষকসকলক উপকৃত হ’বলৈ হ’লে উদ্যোগপতিৰ প্ৰতি থকা চৰকাৰৰ অনুকম্পা আৰু কৃষকৰ প্ৰতি থকা কুদৃষ্টি সলনি কৰিব লাগিব চৰকাৰে।

ৰাহুল গান্ধীয়ে মন্তব্য কৰে যে ”আদানী আৰু আম্বানীয়ে হাজাৰ হাজাৰ কোটি টকা বেংকৰ ঋণ পৰিশোধ কৰিবলৈ থাকিলেও বেংকৰ পৰা ঋণ পায় কিন্তু দুখীয়া কৃষকে বেংকলৈ গলেও ঋণ নাপায়। যদি ডাঙৰ উদ্যোগপতিক ঋণ দিব পাৰে, তেন্তে কৃষকো ঋণ দিব লাগিব।

 ৰাহুল গান্ধীয়ে জি এছ টিৰ কথাও উল্লেখ কৰে,  শাসনলৈ আহিলেই জি এছ টিৰ গাথঁনি সলনি কৰিব কংগ্ৰেছে। ”জি এছ টি কেৱল প্ৰভাৱশানলীসকলক সহায় কৰিবলৈ অনা হৈছে। জি এছ টি  কি বহুতে ভালদৰে বুজিয়েই নাপায়। ইয়াৰ ফলত বন্ধ হৈ পৰিছে বহুতো ক্ষুদ্ৰ ব্যৱসায়িক প্ৰতিস্থানো। আমাৰ চৰকাৰ দিল্লীত ক্ষমতালৈ আহিলে এই জি এছ টিৰ গাঁথনি সলনি কৰিম। কৰ মাত্ৰ এটা থাকিব আৰু ইয়াকো নূন্যতম নিৰখত লোৱা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *