কোৰাণ সন্ত্ৰাসবাদীৰ হাতপুথি, মাদ্ৰাছা-মছজিদ সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানাঃ এই বিস্ফোৰক মন্তব্য হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাৰ

Share
ডিজিটেল ডেস্কঃ কোৰাণ নিষিদ্ধ কৰিব লাগে। কোৰাণ হৈছে সন্ত্ৰাসবাদীৰ হাতপুথি, মাদ্ৰাছা-মছজিদ সন্ত্ৰাসবাদী নিৰ্মাণৰ কাৰখানা। এই বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।  মাদ্ৰাছা উচ্ছেদ প্ৰসংগত সংবাদ মাধ্যমৰ সন্মুখত এইধৰণে প্ৰতিক্ৰিয়া কৰি হিন্দুত্ববাদী নেতাজনে কয় যে মাদ্ৰাছা এখন নহয়, গোটেইবোৰেই ভাঙি পেলাব লাগে। কিন্তু তাৰ পূৰ্বে নিষিদ্ধ কৰিব লাগে কোৰাণ। তেওঁলোকৰ মতে মাদ্ৰাছা হেনো ধৰ্মীয় শিক্ষাৰ অনুষ্ঠান। ধৰ্মীয় শিক্ষাৰ অনুষ্ঠানত মানুহ হত্যাৰ কথা কয় নেকি?
উল্লেখ্য যে, জেহাদীৰ ঘাটী হিচাপে পৰিগণিত হোৱা ৰাজ্যৰ কেইবাখনো মাদ্ৰাছা ইতিমধ্যে উচ্চেদ কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্যত শেহতীয়াকৈ কেইবাজনো মছজিদৰ ইমাম আৰু মাদ্ৰাছাৰ শিক্ষকৰ মৌলবাদী শক্তিৰ সৈতে সম্পৰ্ক থকাৰ তথ্য নিশ্চিত হোৱাৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *