অসমৰ ছটা জনগোষ্ঠী- তাই-আহোম, মৰাণ, মটক, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোঁছ-ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীত অসমত দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। ইয়াৰ সমৰ্থনত অসম বিধান সভাই পূৰ্বতে সৰ্বসন্মত প্ৰস্তাৱ গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰ লৈ প্ৰেৰণ কৰিছে। কিন্তু জনজাতিকৰণৰ প্ৰতিশ্ৰুতিৰে কেইবাটাও নিৰ্বাচনত জয়ী হোৱা বিজেপিয়ে কাৰ্যক্ষেত্ৰত জনজাতিকৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ব্যাপক জনমতৰ হেচাঁত ২০১৯ চনত ৰাজ্যসভাত এই সম্পৰ্কে এখন বিধেয়ক উত্থাপন কৰা হ’ल যদিও তাক গৃহীত নকৰি পৰামৰ্শ দিয়াৰ কাৰণে এটা মন্ত্ৰীসভাৰ গোট গঠণ কৰি দিয়া হ’ল। এই মন্ত্ৰীসভা গোটৰ মুৰব্বী, বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৬ মাহৰ ভিতৰত প্ৰতিবেদন দিয়া হ’ব বুলি ঘোষণা কৰিছিল। কিন্তু ৬ বছৰ উকলি যোৱাৰ পাছতো প্ৰতিবেদন দাখিল নকৰাৰ বাবে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত এতিয়া ৰাজ্যখনৰ সৰ্বত্ৰ প্ৰতিবাদী আন্দোলন গঢ় লৈ উঠিছে।
এতিয়া উজনি অসমৰ লগতে নামনি অসমতো জনজাতিকৰণৰ দাবীত বিশাল সমদল দেখিবলৈ পোৱা গৈছে।মৰাণ জনগোষ্ঠীৰ ৰাইজৰ মাজত ব্যাপক জনজাগৰণ হৈছে আৰু হাজাৰ হাজাৰ লোক জনজাতিকৰণৰ দাবীত হাতে হাতে জুৰ লৈ ৰাজপথলৈ ওলাই আহিছে। ১০ ছেপ্তেম্বৰত ধুবুৰীৰ গোলকগঞ্জত প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ লাঠী চালনা কৰাৰ ফলত দুই শতাধিক লোক আহত হৈছে আৰু চিকিৎসাধীন হ’বলগীয়া হৈছে।
অসমৰ এই ছয় জনগোষ্ঠীয়ে জনজাতিকৰণৰ বাবে তাৎক্ষণিক আৰু ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় আৰু বিজেপি চৰকাৰৰ ওচৰত দাবী জনাইছে প্ৰতিবাদকাৰীয়ে। আৰক্ষী প্ৰশাসনৰ অত্যাচাৰত ক্ষুদ্ধ হৈ পৰিছে প্ৰতিবাদকাৰীসকল। ৰাজ্যখনত এতিয়াও প্ৰতিবাদ অব্যাহত আছে। ইয়াৰ ওপৰত অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিব সেয়া হ’ব লক্ষ্যণীয়।